ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১৯ জনকৈ ব্যক্তি ৷ আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৩৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৮৭২ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৮০ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৫১৪৬ গৰাকী ব্যক্তি।আনফালে, ক’ৰোনাত আক্ৰান্ত হৈ অসমত এতিয়ালৈকে মৃত্যু হৈছে ১০৯৯জন লোকৰ।












