ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ২১ জনকৈ ব্যক্তি ৷ আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ২২গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৮৩৯ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৬৬ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৫১২৭ গৰাকী ব্যক্তি।উল্লেখ্য যে, অসমত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১০৯৯জনৰ।












