ASSAM TIMES POST
নগাঁওঃ নগাঁৱত ই-ৰিক্সাতে সন্তান প্ৰসৱ কৰিলে এগৰাকী মহিলাই। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সন্মুখতে এই ঘটনা। মৈৰাবাৰীৰ পৰা অহা প্ৰসূতি গৰাকীক নগাঁও অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰাৰ প্ৰাকমুহুৰ্ততে এই ঘটনা।
আনহাতে প্ৰসূতিগৰাকীক চিকিৎসালয়লৈ আনোতে লগত অহা আশাকৰ্মী গৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে।
ৰাজ্যৰ চিকিৎসা খণ্ডত ন ন আচঁনি গ্ৰহনেৰে চৰকাৰে চমক সৃষ্টি কৰি অহাৰ মাজতে নগাঁও চহৰত ই-ৰিক্সাত প্ৰসূতিয়ে সন্তান জন্ম দিয়া ঘটনাই স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ উন্মোচিত কৰা বুলি সচেতন মহলে মন্তব্য কৰিছে ।












