ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১৭ জনকৈ ব্যক্তি ৷ আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ১৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৭৯৭ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৭২ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৫০৮০ গৰাকী ব্যক্তি।উল্লেখ্য যে, ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১০৯৮জন লোকৰ।












