ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১৫ জনকৈ ব্যক্তি ৷ আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ২২ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৭০৪ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৮২ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৪৯৭৯ গৰাকী ব্যক্তি।আনহাতে ৰাজ্যত মঙলবাৰে মৃত্যু হয় দুজনৰ। এইলৈ ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১০৯৬ গৰাকীলৈ বৃদ্ধি পালে।












