![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
এক গোপন সূত্ৰৰ পমখেদি আজি গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চ আৰু দিছপুৰ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত গনেশগুৰিৰ পৰা হেৰইনসহ দুজনক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীৰ অভিযানত এএছ-০১ ইএম ৩১৫৫ নম্বৰৰ মাৰুটি ছুইফট বাহনখনৰ পৰা এক পেকেট হেৰ’ইন জব্দ কৰে৷ লগতে সৰবৰাহকাৰী ফাৰুক আহমেদ ওৰফে মুক্তাৰ ওৰফে শ্বাহৰুখ আহমেদ (২৩, পিতৃ বাতেন আলী আহমেদ, পালহাজী, বৰপেটা)ক আটক কৰে৷ জানিব পৰা মতে ১২ গ্ৰাম ওজনৰ উক্ত হেৰইনৰ পেকেটটোৰ লগতে নগদ ৬,৪২,৫০০ টকাও গাড়ীখনৰ পৰা জব্দ কৰা হয়৷ ধৃত মুক্তাৰৰ পৰা এটা মোবাইল ফোনো জব্দ কৰা হয়৷
ধৃত মুক্তাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত মণিপুৰৰ চাণ্ডেল জিলাৰ বেনলাল, লাৰং, খুললেনৰ কৰিমুদ্দিনৰ পত্নী কছমিছ (৩৭)কো গনেশগুৰিৰ চিটি চেণ্টাৰ হোটেলৰ পৰা আটক কৰা হয়৷ মুক্তাৰে হোটেলখনলৈ মহিলাগৰাকীক পূৰ্বৰ লেনদেনৰ পইচা জব্দকৃত ধনখিন দিবলৈ আহিছিল৷
মুক্তাৰে লগতে প্ৰকাশ কৰে যে ১৫ দিন পূৰ্বে মহিলাগৰাকীৰ পৰা ২৫ পেকেট ড্ৰাগছ গুৱাহাটীত গ্ৰহণ কৰিছিল আৰু উক্ত ড্ৰাগছ ইতিমধ্যে বিতৰণ কৰি দিয়া হৈছে৷ অধিক সোধপোছ চলি আছে৷












