![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম জাতীয় পৰিষদ-ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত। দুয়োটা দলৰ চূড়ান্ত প্ৰাৰ্থী তালিকা লৈ আজি সন্ধিয়া ভাগত এজেপি সভাপতি লুৰিনজ্যোতি গগৈয়ে সাক্ষাৎ কৰিব ৰাইজৰ দলৰ কাৰাবন্দী সভাপতি অখিল গগৈক।
গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা বন্দী নেতাগৰাকীক সাক্ষাৎ কৰিব লুৰীণজ্যোতি গগৈয়ে।
উল্লেখ, ইতিমধ্যে দুয়োটা দলৰ দলৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত হৈছে। চূড়ান্ত প্ৰাৰ্থী তালিকাত ৰাইজৰ দলৰ হৈ অন্তিম মোহৰ মৰা বাবে এজেপি সভাপতিগৰাকীয়ে আজি সাক্ষাৎ কৰিব বুলি বিশেষ সূত্ৰই জানিব দিয়ে।
সূত্ৰটোৱে লগতে কয় অখিল গগৈ তালিকাক লৈ সন্তুষ্টি হ’লেই শুকুৰবাৰে দুয়োটা দলে সংবাদমেল যোগে ঘোষণা কৰিব প্ৰাৰ্থী চূড়ান্ত তালিকা।












