![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটীৰ ৰাজীৱ ভৱনত অকণ বৰা সমৰ্থকৰ প্ৰতিবাদ। দিছপুৰ সমষ্টিত প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাজনক প্ৰাৰ্থীত্ব প্ৰদান কৰা দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।
প্ৰায় অৰ্ধশতাধিক বৰা সমৰ্থকে ৰাজীৱ ভৱনত প্ৰতিবাদৰ অন্তত সাক্ষাৎ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ প্ৰমুখ্যে কংগ্ৰেছৰ শীর্ষ নেতৃত্বক।
“মহা মিত্ৰজোঁটৰ লগত কোনো কম্প্ৰমাইজ নহ’ব দিছপুৰ সমষ্টি। অকণ বৰাক দিব লাগিব প্ৰাৰ্থীত্ব’- দাবী প্ৰতিবাদী সমৰ্থকসকলৰ।
উল্লেখ কংগ্ৰেছৰ লগত মহা মিত্ৰজোঁটৰ অংশীদাৰী দল আঞ্চলিক গণ মৰ্চ্চাই দিছপুৰ সমষ্টি দাবী কৰিছে। তেনে স্থলত খবৰ ওলাইছে কংগ্ৰেছ দলে দিছপুৰ সমষ্টি সাংসদ অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চ্চাক এৰি দিব। সেই আশংকা কৰিয়েই ৰাজীৱ ভৱনত দিছপুৰ সমষ্টিৰ কংগ্ৰেছ কর্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।
তাতপৰ্যপূৰ্ণ আজি বিয়লি ভাগলৈ কংগ্ৰেছ দলে প্ৰায় চূড়ান্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰথম পৰ্যায়ৰ নির্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ।












