ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১৯ জনকৈ ব্যক্তি ৷আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৮ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৫৯৩ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৭৪ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৪৮৭৯ গৰাকী ব্যক্তি।উল্লেখ্য যে, অসমত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১০৯৩জন লোকৰ।












