ASSAM TIMES POST
গুৱাহাটীঃ ‘চূড়ান্ত এনআৰচি প্ৰকাশৰ পূৰ্বে শাসকীয় দল, চৰকাৰ আৰু দল-সংগঠনে যোৱা দুমাহ ধৰি এনআৰচিখন নিখুঁত নহ’ব বুলি কৈ আনক, বিভিন্ন মহলক দোষ দিবলৈ আৰম্ভ কৰিছে, বিশেষকৈ এনআৰচি উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক। এক কথাত স্পষ্ট যে এনআৰচিত বহু বিদেশী অন্তৰ্ভুক্ত হ’বলৈ গৈ আছে। সেয়ে নিজৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ শাসকীয় দল বিজেপি, চৰকাৰেও আনক দোষ দিবলৈ আৰম্ভ কৰিছে।’, এই মন্তব্য প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক আৰু উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ।
বুধবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত হাজৰিকাই কয় যে এনআৰচিৰ সম্পূৰ্ণ প্ৰক্ৰিয়া যথা আবেদন দাখিল কৰা, পৰীক্ষণ, খচৰা প্ৰকাশৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ আছে। এনআৰচিৰ প্ৰত্যেক স্তৰতে বহুখিনি বিসংগতি প্ৰকাশ পাইছে। যেনে ভ্ৰষ্টাচাৰী চৰকাৰী বিষয়াই টকাৰ বিনিময়ত বিদেশীক অন্তৰ্ভুক্ত কৰা, এনআৰচি প্ৰক্ৰিয়াত বিদেশী জড়িত হোৱা ইত্যাদি ইত্যাদি।

এনে ক্ষেত্ৰত চৰকাৰে এনআৰচিৰ দুৰ্নীতি ৰোধ আৰু শুধৰণিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যদিও এনআৰচি প্ৰক্ৰিয়াত ৫৫ হাজাৰ বিষয়া-কৰ্মচাৰী জড়িত আছে। এনে বিসংগতি প্ৰকাশৰ পাছতো চৰকাৰ আৰু বিজেপি দলৰ নেতাসকলে মৌনতা অৱলম্বন কৰিলে। চূড়ান্ত খচৰা প্ৰকাশ হোৱা সময়ত (৩১ জুলাই, ২০১৮) মুখ্যমন্ত্ৰী সোণোৱালে খচৰাখন অসমীয়া জাতিৰ অস্তিত্বৰ দলিল বুলি শলাগে।
কিন্তু একে সময়তে প্ৰব্ৰজন বিৰোধী মঞ্চই তদন্ত আৰু তথ্য সহকাৰে ১৭৩ পৃষ্ঠাৰ প্ৰেছ বিজ্ঞপ্তিৰে প্ৰমাণ কৰিছিল যে এনআৰচিত বহু বিদেশী অন্তৰ্ভুক্ত হৈ আছে। ইফালে ২০১৮ৰ ২৮ আগষ্টত উচ্চতম ন্যায়ালয়ে ১০ শতাংশ নমুনা পুনৰ পৰীক্ষণৰ বাবে নিৰ্দেশ দিছিল। তেতিয়া কিন্তু চৰকাৰখন বহি আছিল। সেই সময়ত তৎপৰতা দেখুৱালে কেৱল হিন্দু বাংলাদেশীক অন্তৰ্ভুক্ত কৰাত। যোৱা ডেৰমাহে এনআৰচি পুনৰ পৰীক্ষণৰ দাবী কৰি, কোনো তথ্য সংগলগ্ন নকৰাকৈ উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি খিলঞ্জীয়াক আভুৱা ভাৰিলে।
শেহতীয়াভাৱে মুখ্যমন্ত্ৰী সোণোৱাল, বিজেপিৰ অধ্যক্ষ আৰু বিভিন্ন বিজেপি নেতাই এনআৰচিত অন্তৰ্ভুক্ত হোৱা বিদেশীৰ ক্ষেত্ৰত নতুন আইন কৰিব বুলি ৰাইজক আস্বাস দিছে। বাস্তৱত কোনো দৃষ্টি নিক্ষেপ নকৰি খিলঞ্জীয়া ৰাইজক আভুৱা ভাৰিবলৈ, নিজৰ ৰাজনৈতিক লাভা-লাভৰ বাবে আন এখন নাটক ৰচনা কৰিছে। বিজ্ঞপ্তিটোত হাজৰিকাই স্পষ্টভাৱে কয়, ‘এওঁলোকৰ খিলঞ্জীয়া ৰাইজক সুৰক্ষিত কৰাৰ কোনো সদিচ্ছা নাই, এনে কাৰ্যই তাকেই প্ৰমাণ কৰিছে।’













