![]()
গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সোমবাৰ পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ কভিড টীকাকৰণ। প্ৰথম দিনটোত ৩০গৰাকী ব্যক্তিক প্ৰদান কৰা হয় টীকাকৰণ।
৬০ বছৰ উৰ্ধৰ ব্যক্তিক সামৰি লোৱা হৈছে তৃতীয় পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়াত। সকলো লোকে নিজৰ পৰিচয়-পত্ৰ লৈ গ্ৰহণ কৰিব পাৰিব কভিড টীকাকৰণ।
জিএমচিএইচৰ অধীক্ষক ডঃ অভিজিৎ শৰ্মাই জানিব দিয়া অনুসৰি প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ সফল সমাপ্তি পাছত তৃতীয় পৰ্যায়ৰ টীকাকৰণ আৰম্ভ হৈছে। বৰ্তমান সময়লৈকে সফলভাৱে চলি আছে প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত স্বাস্থ্য বিভাগৰ সৈতে জড়িত ২৯৬৪ গৰাকীৰ কৰ্মচাৰীক প্ৰদান কৰা হয়। একেদৰে দ্বিতীয় পৰ্যায়ত ৫৬৫ গৰাকীক জিএমচিএইচত প্ৰদান কৰা হৈছিল কভিড টীকাকৰণ।
উল্লেখ্য সপ্তাহত সোমবাৰ পৰা শুকুৰবাৰলৈ ধাৰাবাহিকভাৱে চলি থাকিব টীকাকৰণ প্ৰক্ৰিয়া। নিজ ইচ্ছা অনুসৰি গ্ৰহণ কৰিব পাৰিব টীকাকৰণ।
আনহাতে, স্বাস্থ্য সংক্ৰান্তীয় কোনো জটিল ৰোগত থকা দুৰ্বল ব্যক্তিক প্ৰদান কৰা নহয় টীকাকৰণ- এই কথা অধীক্ষক শৰ্মাই লগতে কয়।












