ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Iran US war : কুৱেইট-বাহৰেইনত থকা আমেৰিকান ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ দাবী, আমেৰিকাৰ অস্বীকাৰ

News Desk by News Desk
June 3, 2026
Reading Time: 1 min read
A A
0
Iran US war : কুৱেইট-বাহৰেইনত থকা আমেৰিকান ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ দাবী, আমেৰিকাৰ অস্বীকাৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ আৰম্ভ হোৱা যুদ্ধই বৰ্তমান যুদ্ধ বন্ধ হোৱাৰ আশাত চেঁচাপানী ঢালিছে। ইৰাণে কুৱেইটত (Iran in Kuwait) থকা আমেৰিকাৰ ঘাটি (America’s base)ত সফলতাৰে আক্ৰমণ কৰা বুলি দাবী (Claim of attack) কৰিছে। কিন্তু আমেৰিকাই সেই দাবী খাৰিজ কৰি কয় যে ইৰাণৰ ক্ষেপণাস্ত্ৰসমূহ মাজ-আকাশতেই ধ্বংস কৰা হৈছে।

আমেৰিকান সেনাই দাবী কৰিছে যে ইৰাণে কুৱেইটলৈ দুটা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল, যি দুটা আকাশৰ মাজভাগত ধ্বংস হৈ গৈছে। ইয়াৰ উপৰি বাহৰেইনলৈ নিক্ষেপ কৰা আৰু তিনিটা মিছাইলক তাৎক্ষণিকভাৱে বাধা দিয়া হয়। একাধিক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, আমেৰিকাই প্ৰথমে আত্মৰক্ষাৰ বাবে ইৰাণৰ কুছাম দ্বীপত আক্ৰমণ চলাইছিল। ইয়াৰ পিছত ইৰাণে আমেৰিকাৰ ঘাটিত প্ৰতিশোধমূলক আক্ৰমণৰ দাবী জনাই এক বিবৃতি প্ৰকাশ কৰে।

আনহাতে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড ক’ৰ্পছে ‘এম এছ চি ছাৰিস্কা’ নামৰ এখন মালবাহী জাহাজত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। তেওঁলোকৰ অভিযোগ যে এইটো ওমান সাগৰত ইৰাণৰ বাণিজ্যিক জাহাজত আমেৰিকাই প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰাৰ প্ৰতিশোধ। মঙলবাৰে ৱাশ্বিংটনত অনুষ্ঠিত শুনানিৰ সময়ত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই হৰমুজ প্ৰণালী বন্ধ কৰাৰ সিদ্ধান্তক সমৰ্থন কৰে। তেওঁ দাবী কৰে যে ইৰাণে বাণিজ্যিক জাহাজত আক্ৰমণ কৰাৰ বাবেই এই পদক্ষেপ লোৱা হৈছে।

us | ASSAM TIMES POST
কুৱেইট-বাহৰেইনত থকা আমেৰিকান ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ দাবী, আমেৰিকাৰ অস্বীকাৰ

ৰুবিঅ’ই কয় যে যদি আন কাৰো জাহাজ পাৰ হ’ব নোৱাৰে তেন্তে ইৰাণৰ জাহাজো পাৰ হ’বলৈ দিয়া নহ’ব। যদি ইৰাণে যুদ্ধবিৰতিৰ চৰ্ত অনুসৰি হৰমুজ প্ৰণালী মুকলি কৰিলেহেঁতেন, তেন্তে এই অৱৰোধৰ প্ৰয়োজন নহ’লহেঁতেন। একে সময়তে তেওঁ দাবী কৰে যে ইৰাণৰ নৌসেনা এতিয়া সম্পূৰ্ণৰূপে ধ্বংস হৈছে আৰু দেশখনৰ অৰ্থনৈতিক অৱস্থাও অতি বেয়া। কুৱেইট আৰু বাহৰেইনত আক্ৰমণৰ কেইঘণ্টামান পূৰ্বে পাৰস্য উপসাগৰীয় এখন মালবাহী জাহাজ ইৰাকৰ বন্দৰৰ পৰা ওলাই অহাৰ সময়ত দুটা ক্ষেপণাস্ত্ৰই আঘাত কৰে। ইৰাণে পানামাৰ পতাকা থকা জাহাজখনক “আমেৰিকান-ইহুদী শত্ৰু” বুলি অভিহিত কৰি ক্ৰুজ মিছাইল নিক্ষেপ কৰে। আই আৰ জি চিৰ দাবী যে ওমান সাগৰত ইৰাণৰ জাহাজত আমেৰিকাই কৰা আক্ৰমণৰ প্ৰতিশোধ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বাহৰেইন আৰু কুৱেইটত আমেৰিকাৰ নৌসেনাৰ পঞ্চম আক্ৰমণৰ পিছত আই আৰ জি চিয়ে আৰু বৃহৎ প্ৰত্যাক্ৰমণৰ সকীয়নি দিছে। ইফালে ইৰাণৰ সেনাই স্পষ্টভাৱে কৈছে, “আমি পূৰ্বে সকীয়াই দিছিলো যে যিকোনো নতুন আক্ৰমণে অধিক কঠোৰ সঁহাৰিৰ সন্মুখীন হ’ব। আমি সেইটো দেখুৱাইছো।”

আমেৰিকা আৰু ইৰাণৰ মাজত স্থবিৰ হৈ পৰা শান্তি আলোচনাৰ মাজতে এই আক্ৰমণ আৰু প্ৰতি আক্ৰমণ সংঘটিত হৈছে। সূত্ৰ অনুসৰি, তেহৰানে যুদ্ধবিৰতি বৃদ্ধিৰ সন্দৰ্ভত ৱাশ্বিংটনৰ সৈতে যোগাযোগ বন্ধ কৰি দিছে। অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই দাবী মানি ল’ব বিচৰা নাছিল। তেওঁ দাবী কৰে যে আলোচনা এতিয়াও অব্যাহত আছে।

ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত ট্ৰাম্পে লিখিছে, “আমি অহৰহ কথা পাতি আছো- যোৱা কেইদিনমানৰ পৰা আমি প্ৰতিদিনে কথা পাতি আছো আৰু আজিও কথা পাতি আছো। এই আলোচনাৰ ফলাফল কি হ’ব সেয়া ক’ব নোৱাৰি। কিন্তু মই ইৰাণক কৈছো, যিকোনো প্ৰকাৰে চুক্তি কৰাৰ সময় আহি পৰিছে।” ইয়াৰ বিপৰীতে ইৰাণ এতিয়াও লেবাননত যুদ্ধবিৰতিৰ দাবীত অটল হৈ আছে। এই দাবী পূৰণ হ’লেহে আলোচনা আগবাঢ়ি যাব বুলি তেওঁলোকে কৈছে৷

Tags: IranUSwar
Share4Tweet3Send

Related Posts

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

by News Desk
July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

by News Desk
July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

by News Desk
July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

by Staff Reporter
July 23, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

by News Desk
July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

by News Desk
July 22, 2026
50
ADVERTISEMENT
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx