ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকিয়াজুলিত পাঁচ সহস্ৰাধিক লোকৰ উত্তাল প্ৰতিবাদ। বিগত ৮ দিন পূৰ্বে অৰ্থাৎ ২০ ফেব্ৰুৱাৰী তাৰিখে নিশা বালিগাঁৱত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ কোনো সম্ভেদ নোলোৱাত শোণিতপুৰ জিলা প্ৰশাসনৰ ওপৰত নিজ ক্ষোভ ব্যক্ত কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে, যোৱা ২০ ফেব্ৰুৱাৰী তাৰিখে নিশা শোৱা পাতিতে মাতৃ জিলি ৰাভাক হত্যা কৰাৰ লগতে তেওঁৰ পাঁচ বছৰীয়া কন্যা কৰবী ৰাভাৰ মৃতদেহ ২৪ তাৰিখে উদ্ধাৰ কৰা হৈছিল খেৰেৰে ঢাকি ৰখা অৱস্থাত। কিন্তু এতিয়াও এই ঘটনা ৰহস্যৰ আৱৰ্তত।
বালিগাওঁ অঞ্চলত সংঘটিত হোৱা এনে অমানৱীয় ঘটনাই মানৱ সমাজক লজ্জিত কৰিছে আৰু এই ঘটনাৰ লগত জড়িত লোকক দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনলৈ আহ্বান জনাই বলুকা শিপ্লী ৰঞ্জন শইকীয়াই গাভৰু নৈৰ পাৰত নিৰ্মাণ কৰিছে বলুকা শিল্প।
যীচু হাজৰিকা আৰু কুলেশ দাসৰ সহযোগত বলুকা শিপ্ল নিৰ্মাণ কৰি নিজৰ শিল্প কৰ্মৰ দ্বাৰা বলূকা শিল্পীয়ে বিচাৰিলে ন্যায়। ৰাজ্য জোকাৰি যোৱা ঢেকিয়াজুলিৰ চপাই বালিগাওঁৰ অমানৱীয় ঘটনাকলৈ বলূকা শিল্পী ৰঞ্জন শইকীয়াই বালিচৰত বলূকা শিল্প কৰ্মৰ দ্বাৰাই অব্যাহত ৰাখিছে প্ৰতিবাদ৷ ঢেকিয়াজুলিৰ গাভৰু নৈৰ বালিত বলূকা শিল্পী ৰঞ্জন শইকীয়াই নিজৰ শিল্প কৰ্মৰ জৰিয়তে মাতৃ-কন্যাক হত্যা কৰা ঘটনাক নিন্দা কৰি ন্যায় দাবী কৰিছে৷