নিউজ ডেস্কঃ
পুনৰ চিন্তা বঢ়াইছে দেশৰ কোভিড পৰিসংখ্যাই। প্রায় ডেৰ মাহ পিছত দেশৰ দৈনিক সংক্রমণ উপনীত হ’ল ১৭ হাজাৰৰ ওচৰা-ওচৰিত। ইফালে মহাৰাষ্ট্ৰৰ ৱায়িম জিলাৰ এখন স্কুলৰ হোষ্টেলত ২২৯ জন আবাসিক একেলগে কোভিড পজিটিভ হৈছে। তাৰ ভিতৰত ২২৫ জন ছাত্র আৰু ৪ জন শিক্ষক আছে। হোষ্টেলখনক কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে। মুম্বাইৰ উপৰি ৰাজ্যখনৰ নাছিক, পুণে, আকোলা আৰু নাগপুৰ এলেকাত বৃদ্ধি পাইছে সংক্রমিতৰ সংখ্যা। এই বৃদ্ধিৰ ফলত মহাৰাষ্ট্রত লকডাউনৰ আশঙ্কা আৰু তীব্ৰ হ’ল।
কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, কৰোনাত দেশত মুঠ আক্রান্ত হৈছে ১ কোটি ১০ লক্ষ ৪৬ হাজাৰ ৯১৪ জন। বিগত ২৪ ঘণ্টাত আক্রান্ত হৈছে ১৬ হাজাৰ ৭৩৮ জন। ইয়াৰে আধাৰো বেছি মহাৰাষ্ট্রতেই। ৰাজ্যখনত বিগত ২৪ ঘণ্টাত আক্রান্ত হৈছে ৮ হাজাৰ ৮০৭ জন। প্রায় ৪ মাহ পিছত মহাৰাষ্ট্রৰ দৈনিক সংক্রমণ এই সংখ্যাত হ’ল। মহাৰাষ্ট্রত বৰ্তমান মুঠ আক্রান্ত হৈছে ২১ লক্ষ ২১ হাজাৰ ১১৯ জন।
আনহাতে, মহাৰাষ্ট্রত বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৮০ জন লোক।
দৈনিক সংক্রমণৰ লগতে দেশত দৈনিক মৃত্যুও বাঢ়িছে বিগত ২৪ ঘণ্টাত। দেশত ১৩৮ জনৰ মৃত্যু হৈছে এই সময়ছোৱাত। ইয়াকে লৈ এতিয়ালৈকে প্রাণ হেৰুৱালে ১ লক্ষ ৫৬ হাজাৰ ৭০৫ জনে। মৃত্যু হাৰ ১.৪২ শতাংশ। দেশৰ দৈনিক মৃত্যুৰ এক তৃতীয়াংশই মহাৰাষ্ট্রত। ৰাজ্যখনত এই পৰ্যন্ত প্রাণ হেৰুৱাইছে ৫১ হাজাৰ ৯৩৭ জনে। ১২ হাজাৰৰো অধিক আক্রান্তৰে তামিলনাডু আৰু কর্নাটক আছে দ্বিতীয় আৰু তৃতীয় স্থানত। দিল্লী আৰু পশ্চিমবঙ্গত মৃত্যু হৈছে ১০ হাজাৰৰ অধিক।
আনহাতে, এই পৰ্যন্ত ১ কোটি ৭ লক্ষ ৩৮ হাজাৰ ৫০১ জন কৰোনাৰ পৰা সুস্থ হৈছে। দেশত বৰ্তমান সক্রিয় ৰোগীৰ সংখ্যা ১ লক্ষ ৫১ হাজাৰ ৭০৮ জন।