স্বাস্থ্য প্ৰতিবেদন:
গাজৰ অত্যন্ত পুষ্টিকৰ আৰু ও সুস্বাদু শীতকালীন পাচলি যাক প্রায় সমগ্ৰ বছৰটোতেই পোৱা যায়। গাজৰৰ পুষ্টিগুণ আৰু উপকাৰিতাৰ আধিক্যৰ কাৰণে গাজৰক ‘ছুপাৰ ফুড’ বোলা হয়। জানি লওঁ আহক গাজৰৰ উপকাৰিতা সম্পর্কে
গাজৰে চকুৰ দৃষ্টিশক্তি বৃদ্ধিত কার্যকৰী ভূমিকা পালন কৰে। দৃষ্টিশক্তি বৃদ্ধিত বিটা-কেৰোটিন (ভিটামিন এ) এবিধ গুৰুত্বপূর্ণ উপাদান। গাজৰত প্রচুৰ পৰিমাণে বিটা-কেৰোটিন নামৰ এক ধৰণৰ উপাদান থাকে।এই উপাদানটি শৰীৰত ভিটামিন এলৈ পৰিণত হয়।সেয়ে গাজৰত থকা বিটা কেৰোটিনে দৃষ্টিশক্তি বৃদ্ধি কৰে, চকুৰ কলাকোষ সৃষ্টিত সহায় কৰে। কুকুৰী কণা, গ্লুকোমা ইত্যাদি ৰোগ প্রতিৰোধত সহায় কৰে।
ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে:
গাজৰত যি কেৰোটিনয়েড থাকে সি এণ্টিঅক্সিডেণ্ট হিচাবে কাম কৰে। আৰু এই এণ্টিঅক্সিডেণ্টে শৰীৰত ক্ষতিকাৰক বীজাণু, ভাইৰাছ আৰু বিভিন্ন ধৰণৰ প্রদাহৰ বিৰুদ্ধে কাম কৰে। ইয়াৰ উপৰি এণ্টি অক্সিডণ্টে শৰীৰক বিষমুক্ত কৰে, হৃদৰোগ আৰু কেন্সাৰ প্রতিৰোধতো সহায় কৰে। গাজৰত এণ্টি অক্সিডেণ্টৰ উপৰি বিভিন্ন ধৰণৰ খনিজ যেনে পটাছিয়াম,ফছফৰাছ ইত্যাদি থাকে যিয়ে হাড়ৰ গঠন, স্নায়ুতন্ত্ৰক শক্তিশালী কৰা আৰু মস্তিষ্কৰ ক্ষমতা বৃদ্ধিত সহায় কৰে।
ওজন কমায়
পুষ্টিগুণ সমৃদ্ধ গাজৰত কেলোৰি আৰু ছুগাৰৰ পৰিমাণ খুব কম থাকে। ইয়াক খালে পেট ভৰ্তি থাকে বাবে কেলোৰিবহুল অন্য খাদ্য খাবলগা নহয়। ইয়াৰ উপৰি গাজৰে চর্বি কমোৱাত সহায় কৰে বাবে ওজন কমে। সেয়ে ওজন কমাবলৈ অধিক গাজৰ খাওক।
কেন্সাৰ প্রতিৰোধ কৰে:
গাজৰত প্রচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে যিয়ে শৰীৰৰ পৰা ফ্রি ৰেডিকেলছ দূৰ কৰে। ফ্রি ৰেডিকেলছ হ’ল শৰীৰৰ উচ্ছিষ্টাংশ যিয়ে শৰীৰৰ উপকাৰী কোষ নষ্ট কৰে আৰু কেন্সাৰসহ বহু জটিল ৰোগ সৃষ্টি কৰে।বিভিন্ন গৱেষণাত দেখা গৈছে যে গাজৰত থকা এন্টি অক্সিডেন্ট আৰু অন্যান্য পুষ্টি উপাদানবোৰ কেন্সাৰ প্রতিৰোধত সহায়ক। নিয়মিত গাজৰ খালে ব্রেষ্ট কেন্সাৰ, কোলন কেন্সাৰ, হাওঁফাওঁৰ কেন্সাৰৰ সম্ভাৱনা কমে।
এন্টি এজিং আৰু ছালৰ সুস্থতা ৰক্ষা কৰে:
গাজৰত থকা এন্টি অক্সিডেণ্টে ছালক সুস্থ ৰখাত সহায় কৰে আৰু ছালৰ স্থিতিস্থাপকতা বজায় ৰাখে। সেয়ে এইবিধ তাৰুণ্য ধৰি ৰাখিবলৈ সক্ষম এবিধ খাদ্য। ছালৰ ক্ষেত্রত গাজৰৰ অন্যান্য উপকাৰিতাৰ ভিতৰত বলিৰেখা প্রতিৰোধ কৰাটো অন্যতম।ইয়াৰ উপৰি এন্টি অক্সিডেন্ট আৰু পটাছিয়ামৰ দৰে খনিজৰ উপস্থিতিয়ে ছাল শুকাই যোৱা, স্কিন টনক উন্নত কৰা আৰু ছালত দাগ পৰাৰ পৰা ৰক্ষা কৰা।














