ষ্টাফ ৰিপ’ৰ্টাৰ:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসম ভ্ৰমণৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থা উদ্যোগত ৰাজ্যজুৰি ৰূপায়ন হ’ল বিক্ষোভ।সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু সদৌ কামৰূপ(ম) জিলা ছাত্ৰ সন্থাই গুৱাহাটী দীঘলীপুখুৰী পার্কত ৰূপায়ন কৰিলে বিক্ষোভ কাৰ্যসূচী।
নাগৰিকত্ব সংশোধনী আইন- ২০১৯ বাতিল, ই.আই.এ-২০২০ প্ৰত্যাহাৰ আৰু অসম চুক্তি ৬নং দফা কমিটি প্ৰতিবেদন কাৰ্যকৰী লগতে অসম চুক্তি অনুসৰি জলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰা দাবীত ৰূপায়ন হয় বিক্ষোভ।
গুৱাহাটীৰ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছু সভাপতি দীপাংক কুমাৰ নাথে বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে।অসমীয়া মানুহক মিছা প্ৰতিশ্ৰুতি দি ভোট লৈ অসমীয়াক জাতিক অত্যাচাৰ কৰিছে।অসমীয়া জাতি সংখ্যলঘুত পৰিণত কৰা ব্লু-প্ৰিন্ট বিজেপিয়ে ৰচনা কৰিছে তেওঁ কয়।
মুখত কলা কাপোৰ বান্ধি প্ৰায় দুই শতাধিক আছু কর্মীয়ে সাব্যস্ত কৰে বিক্ষোভ।নৰেন্দ্ৰ মোডী অসম ভ্ৰমণ বিৰোধ কৰি অসমবাসী ঐক্যবদ্ধ হৈ কলা দিন হিচাপে পালন কৰিছে – নাথে লগতে কয়।
২০১৪ চনত অসমলৈ আহি মোডীয়ে অসমীয়া মানুহৰ আবেগক লৈ হেতালি খেলিছিল।১৬মে’ পিছত বিদেশী টালি- টোপোলা বান্ধি যাব লাগিব বুলি কৈ ভোট লোৱা বুলি অভিযোগ তুলি নাথে কয়- কা’ জাপি ৪৩ বছৰীয়া বিদেশী বুজা আমাৰ ওপৰত জাপি দিছে।বিদেশী হিন্দু- মুছলমানৰ নামত ভাগ ভাগ কৰি অসমীয়া জাতি মূল কাঠামোৰটো আঘাত কৰিছে।তাৰ বাবে আজি এই প্ৰতিবাদ।
বিক্ষোভত অংশগ্ৰহণ কৰি আছু প্ৰাক্তন উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কয়-ভয়াতু চৰকাৰ ।অহিংস-গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নৰেন্দ্ৰ মোডী, অমৃত শ্বাহ সাহস নাই।শান্তিপূৰ্ণ প্ৰতিবাদকাৰী ওপৰত অত্যাচাৰ চলাইছে।বৰ্বৰ ভাৱে লাঠী চার্জ কৰিছে ফেচিষ্ট চৰকাৰে’।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি সমুজ্জ্বলে কয়- যি গৰাকীৰ আন্দোলন কৰি আজি মুখ্যমন্ত্ৰী হ’ল তেওঁৱে আকৌ গণতান্ত্ৰিক আন্দোলনকাৰীক পুলিচ লগাই অত্যাচাৰ কৰে।লাজ পাব লাগে মুখ্যমন্ত্ৰী অসম চৰকাৰে ।চৰকাৰে যিমানে দমন নচলাওক আন্দোলন কিন্তু স্তব্ধ নহয়”।
আমাক শান্তিপূৰ্ণ- গণতান্ত্ৰিক আন্দোলনক পৰোচিত কৰিছে হিংসা আশ্ৰয় লবলৈ।কিন্তু আমি হিংসা আশ্ৰয় নলও।চৰকাৰৰ পৰোচনা জালত ভৰি নিদিওঁ।অহিংস-গণতান্ত্ৰিক আন্দোলন চলি যাব- ভট্টাচাৰ্য কয়।
সাংবিধানিক ৰক্ষা কৱচ দিল্লীয়ে আমাৰ প্ৰতি দিয়া দয়া-মৰম নহয়।এইয়া আমাৰ প্ৰাপ্য।পাবই লাগিব।শিৱসাগৰত প্ৰধানমন্ত্ৰীয়ে অসম চুক্তি ৬নং দফা প্ৰতিবেদন সন্দৰ্ভত এটা শব্দ উচ্চাৰণ নকৰিলে। এইয়া প্ৰধানমন্ত্ৰী গৰাকী অসমবাসী প্ৰতি এটা চুড়ান্ত প্ৰতাৰণা ডঃ ভট্টাচাৰ্য লগতে কয়।












