![]()
পুৱা ৭.৩০ বজাত গুৱাহাটীৰ লতাশিল খেলপথাৰৰ চাৰিআলিত তিনিখন বাহনৰ মাজত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। চিটিবাছ, ডি.আই আৰু অল্ট’ বাহনৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো।

জালুকবাৰীৰ পৰা উজান বজাৰৰ দিশত গৈ থকা AS-01MC -1338 নম্বৰ চিটিবাছখন উজানবজাৰ দিশৰ পৰা যোৱা AS-25DC-7402 ডি.আই গাড়ীখনে খুন্দা মাৰে। ডি.আইৰ খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই চিটবাছখনে পদপথৰ ৰেলিং ভাঙি এখন ব্যৱসায়ী প্ৰতিষ্ঠানত খুন্দা মাৰে। ইফালে একে দিশত থকা AS-01BS-3041 নম্বৰ অল্ট’ বাহনখনে প্ৰচণ্ড যোৰত চিটিবাছত খুন্দা মাৰে।

লতাশিল আৰক্ষীৰ ভাষ্য অনুসৰি দুৰ্ঘটনা সময়ত অল’ট আৰু ডি.আই বাহন দুখনত তিনিজনকৈ আৰোহি আছিল। ডি.আইখনৰ দুজন আৰোহি সামান্য আঘাত প্ৰাপ্ত হয় যদিও শুভাগ্যক্ৰমে ৰক্ষা পৰে। দুৰ্ঘটনাত বেয়াকৈ ক্ষতিগ্ৰস্ত অল্ট’ বাহনখনৰ লগতে তিনি আৰোহীৰ।
ডি-আই বাহনৰ ভুলৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি লতাশিল থানা যান-বাহন আৰক্ষীয়ে জানিব দিয়ে ।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰি ডি.আই চালকজন ঘটনাস্থলী পৰা পলায়ন কৰে। দুৰ্ঘটনা সংঘটিত হোৱা সময়ত চিটিবাছখনত ৪-৫ জন যাত্ৰী থকা বুলি জানিব দিয়ে বাছ কৰ্তৃপক্ষই। সংঘটিত কৰা তিনিওখন বাহন জব্দ কৰিছে লতাশিল আৰক্ষীয়ে।











