ষ্টাফ ৰিপ’ৰ্টাৰ:
শুক্ৰবাৰৰপৰা অসম ছাত্ৰ সন্থাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছে প্ৰতিবাদ ৷ জাতিৰ স্বাৰ্থত তথা নিজৰ অধিকাৰৰ দাবীত উত্তপ্ত হৈ পৰিছে অসম । ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থাই জাতি ধ্বংসী নাগৰিকত্ব সংশোধন আইনৰ বাতিলৰ দাবীত সাব্যস্ত কৰিলে প্ৰতিবাদ।
গুৱাহাটী মহানগৰীৰ শ্বহীদ ন্যাসৰ পৰা ওলাল ‘কা’ বিৰোধী এক দীঘলীয়া জোঁৰ সমদল। কেৱল মহানগৰীতেই নহয় সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আছুৱে। তেজপুৰ, লখিমপুৰতো আছুৱে উলিয়াই জোঁৰ সমদল ৷
পিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে আন বহু শীৰ্ষ নেতাই অংশগ্ৰহণ কৰা এই সমদল ওলোৱাৰ কিছু সময়ৰ পাছতে বাধা প্ৰদান কৰিবলৈ উক্ত স্থানত আহি উপস্থিত হয় আৰক্ষী।
সেইদৰে, তেজপুৰতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা জোঁৰ সমদলকাৰীক বাধা দিবলৈ আৰক্ষীয়ে কৰিলে লাঠীচালনা। আৰক্ষীৰ এই লাঠীচালনাত শোণিতপুৰ জিলা আছুৰ সাধাৰণ সম্পাদক মনোজ দাস আৰু জাতীয়তাবাদী নেতা প্ৰশান্ত দাসসহ বহু কেইজন গুৰুতৰভাৱে আহত হৈছে।
তেওঁলোকক ইতিমধ্যে তেজপুৰ চিভিল হস্পিতেলত ভৰ্তি কৰা হৈছে । সকলোতেই দেখা গ’ল আৰক্ষীৰ একেই ভূমিকা। কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰিলে আৰক্ষীয়ে।
শোণিতপুৰ জিলা ছাত্ৰ সন্থাই ২৩ জানুৱাৰীৰ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ শোণিতপুৰ জিলা বন্ধ ঘোষণা কৰিছে।
আনহাতে, মুখ্যমন্ত্ৰী সোণোৱালৰ চৰকাৰী বাসভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সমৰ্থনত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৷
তিনিটাকৈ অভিযোগ উত্থাপন কৰাৰ লগতে বেতন বঞ্চিত শিক্ষকৰ সমস্যা শীঘ্ৰেই সমাধান কৰা, নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতি অসমত বাতিল কৰি পুৰণি পেঞ্চন দিবৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা, ঠিকাভিত্তিক শিক্ষকৰ মৰগীয়া বানচ আৰু গ্ৰেড পে আদায় দিয়া, শিক্ষকৰ আৰ্জিত ছুটি বছৰি ৩০ দিনলৈ বৃদ্ধি কৰা, খালী হৈ থকা বিভিন্ন পৰ্যায়ৰ শিক্ষা বিষয়াৰ পদসমূহত স্থায়ী বিষয়া সোনকালে নিযুক্তি দিয়া আদিৰ লগতে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা আৰু স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা ৮৭০০ টকাৰ গ্ৰেড পে’ ঘূৰাই দিয়া আদি দাবৰে ২২ জানুৱাৰীত লখৰাৰ উদয়ন কৃষ্টি সংঘৰ বাকৰিত সমবেত হয় প্ৰায় ২০ সহস্ৰাধিক শিক্ষক।
নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা বহু কেইগৰাকী শিক্ষককো অসন্মান জনাই আৰক্ষীয়ে আটক কৰিছে ৷