![]()
শ্ৰীৰামৰ পবিত্ৰ জন্মস্থান অযোধ্যাত প্রস্তাবিত মন্দিৰ নির্মাণৰ বাবে সমগ্ৰ ভাৰতবাসীৰ লগতে অসমৰ ৰামভক্ত জনসাধাৰণৰ সহায়-সহযোগিতা কামনা কৰিছে শ্ৰীৰাম জন্মভূমি মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ সমিতিৰ অসম শাখাই। বুধবাৰে গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এক সংবাদ মেলত শ্ৰীৰাম জন্মভূমি মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ সমিতিৰ গুৱাহাটী জিলা সভাপতি ৰত্নেশ্বৰ বসুমতাৰী, গুৱাহাটী মহানগৰ জিলা বিশ্বহিন্দু পৰিষদৰ সভাপতি শুভৰাম বৰা, সম্পাদক চন্দন ৰাভা আৰু শিক্ষাবিদ ৰাধেশ্যাম তিৱাৰীয়ে ৰাজ্যবাসীৰ ওচৰত এই আবেদন জনাইছে।
সংবাদ মেলত তেওঁলোকে জনায় যে ভাৰতবাসীৰ পৰা ৰামমন্দিৰ নিৰ্মাণৰ বাবে অর্থ (নিধি) সংগ্ৰহ অভিযান যোৱা ১৫ জানুৱাৰীৰ পৰা আৰম্ভ কৰিছে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে।
ইয়াৰ লগত সংগতি ৰাখি ১৫ তাৰিখৰ পৰা গুৱাহাটী মহানগৰ জিলা শ্ৰীৰাম জন্মভূমি নিৰ্মাণ নিধি সমৰ্পণ সমিতিয়েও গুৱাহাটীৰ প্ৰতিটো পৰিয়ালৰ সৈতে নিধি সমর্পণ সংক্রান্ত ক্ষেত্ৰত যোগাযোগ অভিযান আৰম্ভ কৰিছে। এই অভিযান অহা ৩১ জানুৱাৰী পর্যন্ত চলিব বুলি তেওঁলোকে জনায়।
তেওঁলোকে লগতে জনায় যে বৰঙণি সংগ্ৰহত সুবিধাৰ বাবে গুৱাহাটী মহানগৰ জিলা সমিতিক মুঠ ১২টি ভাগত বিভক্ত কৰিছে। এইবোৰ হৈছে যথাক্রমে উত্তৰ গুৱাহাটী, জালুকবাৰী, মালিগাঁও, ফাঁচীবজাৰ, ফটাশিল আমবাৰী, লালগণেশ, বশিষ্ঠ, উলুবাৰী, উজান বজাৰ, নাৰেঙ্গি, নুনমাটি, হেঙেৰাবাৰী সমিতি। এই সমিতিবোৰে আকৌ চাৰি-পাঁচজনৰ সমন্বয়ক দল গঠন কৰিছে। সেই অনুযায়ী সমন্বয়ক দলৰ সংখ্যা হৈছে ৫২৫। এই পবিত্ৰ নিধি সমর্পণ অভিযানত সকলোকে সহযোগিতা কৰাৰ আহ্বান জনাইছে ৰত্নেশ্বৰ বসুমতাৰী, শুভৰাম বৰা প্ৰমুখ্যে বিষয়ববীয়াসকলে।













