নিউজ ডেস্কঃ
সাধাৰণ ৰাইজৰ বাবে কিছু সকাহ বাৰ্তা। অহা ফেব্ৰুৱাৰী মাহৰ পৰা অসমত বৃদ্ধি পোৱা পেট্ৰল-ডিজেলৰ লগতে সুৰাৰ মূল্য হ্ৰাস পাব। বিগত বৰ্ষত চৰকাৰে অৰ্থনীতি সুস্থিৰ কৰিবলৈ আৰোপ কৰা ক’ভিড কৰ এই সামগ্ৰীসমূহৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, বিধানসভাৰ নিৰ্বাচন এইবছৰ অনুষ্ঠিত হোৱাৰ কাৰণে পূৰ্ণাংগ বাজেটৰ সলনি বিধানসভাত উত্থাপন হ’ব ভোট অন একাউণ্ট। এয়া ভোট অন একাউন্ট হোৱা সময়ত আৰোপ কৰা সকলো কৰ প্ৰত্যাহাৰ কৰা হ’ব বুলি কয় হিমন্ত বিশ্বই।
যোৱা বছৰ মে’ মাহত অসম চৰকাৰে IMFLৰ দাম ২৫শতাংশ বৃদ্ধি কৰিছিল আনহাতে এপ্ৰিল মাহত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে লিটাৰত প্ৰায় ৫টকাকৈ বৃদ্ধি কৰিছিল। গতিকে এই অতিৰিক্ত কৰ হ্ৰাস কৰিলে সুৰা আৰু পেট্ৰ’ল–ডিজেলৰ মূল্য যথেষ্ট হ্ৰাস পোৱাটো নিশ্চিত।