ষ্টাফ ৰিপ’ৰ্টাৰ:
উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ ঘাইখুটি স্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয়ে শেহতীয়াকৈ এক নিৰ্দেশনা জাৰি কৰিছে ৷ এই নিৰ্দেশনা অনুসৰি এজন ছাত্ৰই নিজৰ শৈক্ষিক পাঠ্যক্ৰম একেটা হোষ্টেলতে থাকি সম্পূৰ্ণ কৰিব নোৱাৰিব ।
পৰৱৰ্তী বৰ্ষৰ নামভৰ্তিৰ সময়ত তেওঁ বেলেগ এটা আৱাসলৈ নিজৰ সম্পূৰ্ণ ব্যয়-বস্তু, নথি-পত্ৰৰে সৈতে স্থানান্তৰিত হ’ব লাগিব । সেই হিচাপত দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীয়ে দুবাৰকৈ আৰু ইন্ট্ৰিগেটেড্ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীয়ে চাৰি-পাঁচবাৰ পৰ্যন্ত সলাব লগীয়া হ’ব হোষ্টেল ।
বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনলাইন যোগে চলি থকা এই বৰ্ষৰ নাম ভৰ্ত্তি প্ৰক্ৰিয়াত কৰ্তৃপক্ষই সংযোজন ঘটোৱা এই বিশেষ নিৰ্দেশনাটোক লৈ বিপাঙত পৰিছে ছাত্ৰ সমাজ ।
উল্লেখ যোগ্য যে, এই আজৱ সিদ্ধান্তৰ কাৰণ দৰ্শাই বৰ্তমানলৈকে কোনো ধৰণৰ যুক্তি প্ৰদৰ্শন কৰা নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ যদিও বুজিব পৰা যায় যে বিশ্ববিদ্যালয় চৌহদত ছাত্ৰ শক্তিৰ একতা আৰু ছাত্ৰ-ছাত্ৰীৰ গণতান্ত্ৰিক চেতনা, ছাত্ৰ ৰাজনীতিৰ উত্তৰণত ব্যাঘাত জন্মাবলৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই বিধি প্ৰকাশ পোৱাৰ লগে লগে জাঙুৰ খাই উঠিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল ।












