ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোনা ভাইৰাছৰ বাবে বাধা থকা কাৰাবন্দী সাক্ষাৎ আজিৰে পৰা পুনৰ অনুমতি।পৰিয়ালৰ সদস্য তথা আত্মীয়ই কাৰাবন্দীক ক’ৰনা বিধি-বিধান মানি কৰিব পাৰিব সাক্ষাৎ।
গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দীক সাক্ষাৎ কৰা বাবে কাৰাগাৰ কৰ্তৃপক্ষই প্ৰৱেশদ্বাৰত সামাজিক দূৰত্ব, মাক্স, চেনিটাইজ ব্যৱহাৰ কৰাত বাধ্যতামূলক হিচাপে চিহ্নিত কৰিছে।
কাৰাবন্দীক সাক্ষাৎতৰ বাবে জেল কৰ্তৃপক্ষই বান্ধি দিছে নিৰ্দিষ্ট সময়।আজি প্ৰথম দিনা পুৱা ৯ বজা পৰা ১০ বজালৈ আৰু ১২ বজা পৰা ৩ বজালৈ সাক্ষাৎৰ অনুমতি দিছিল।
সুদীৰ্ঘ ৯মাহ পৰিয়ালৰ সাক্ষাৎ অনুমতি নাছিল কাৰাবন্দীক।
উল্লেখ ৰাজ্য ৩১খন কাৰাগাৰত প্ৰযোজ্য হৈছে ক’ভিড শিথিলতা। ৬ খন কেন্দ্ৰীয় কাৰাগাৰ, ২২খন জিলা কাৰাগাৰ আৰু ৩খন সুকীয়া কাৰাগাৰ আছে ৰাজ্যত।
গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত সোমবাৰ দিনটোত বিভিন্ন জন কাৰাবন্দীক সাক্ষাৎ কৰা বাবে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয়।
কাৰাগাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি মাক্স, চেনিটাইজ নথকা সকলক সাক্ষাৎ কৰা অনুমতি দিয়া নহব।
প্ৰায় ১৪০০ কাৰাবন্দী আছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত।
পূৰ্বদৰে কাৰাবন্দীক সাক্ষাৎ কৰা সময় ২০মিনিট নিৰ্ধাৰণ কৰিছে।এই কথা প্ৰকাশ কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই।












