ষ্টাফ ৰিপ’ৰ্টাৰ:
চান্দমাৰী অসম অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত হৈ থকা অসম প্ৰকাশন পৰিষদৰ ৩৩তম গুৱাহাটী গ্ৰন্থমেলা আজি ষষ্ঠ দিন।পঞ্চম দিনৰ পৰা গ্ৰন্থ বিপনী সমূহত ক্ৰমাৎ বৃদ্ধি পাইছে গ্ৰাহকৰ সংখ্যা।আনন্দৰে এই কথা প্ৰকাশ কৰিছে গ্ৰন্থ বিক্রেতাসকলে।
আখৰ প্ৰকাশনে পঞ্চম দিনটোত প্ৰায় ৪৫হাজাৰ টকা গ্ৰন্থ বিক্ৰী কৰিছে।প্ৰকাশন গোষ্টীটোৱে পাৰ্থবিজয় দত্ত ঘণ্টাধ্বনি,
আলফা কলংকৃত অধ্যাপয় আৰু নিষিদ্ধ যোদ্ধা সৰ্বাধিক বিক্ৰী কৰা বুলি জানিব দিয়ে।বিপনী দায়িত্বত থকা মনোজ চৌধুৰীয়ে।
“বিদ্যালয় সমূহ আজিৰে পৰা খুলিছে হাতত আৰু ৬টা দিন আছে।বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ অধিক সঁহাৰি আশা কৰিছে গ্ৰন্থ বিক্রেতা সকলে ।পূৰ্বতকৈ গ্ৰন্থ বিক্ৰী এইবাৰ যথেষ্ট ভাল হোৱা বুলিও প্ৰকাশক গোষ্ঠী টোৱে কয়।
অসম সাহিত্য সভাৰ গ্ৰন্থ বিপনীত অৰুনোদই, অসম সাহিত্য সভা ইতিহাস(প্ৰথম-দ্বিতীয় খণ্ড), অসমৰ জনজাতি আৰু সংস্কৃতি গ্ৰন্থকেইখনে পাঠকৰ সমাদৰ অধিক লাভ কৰিছে।পঞ্চম দিনটোত ১০ হাজাৰ টকা গ্ৰন্থ বিক্ৰী কৰিছে বিপনীখনে।এই কথা জনালে বিপনী দায়িত্বত থকা সত্ৰৰাম কলিতাই।
একেদৰে বৰ্ণ প্ৰকাশনে নিষিদ্ধ যোদ্ধা, আলফা কলংকৃত অধ্যায় আৰু লাইফ অৱ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে গ্ৰাহকৰ অধিক সমাদৰ বুটলা বুলি জানিব দিয়ে।
উল্লেখ ৩০ ডিচেম্বৰ পৰা অনুষ্ঠিত গ্ৰন্থমেলাখন ১০জানুৱাৰীত অন্ত পৰিব।












