বিশেষ প্ৰতিবেদন:
মানুহৰ ভাগ্য পৰিৱর্তনৰ বাবে এখন ভাইৰেল ছবিয়েই যথেষ্ট। সেয়া প্ৰমাণিত কৰিছে ১৩ বছৰীয়া ৰীতা গাভিওলাই৷ ৪ বছৰ পূৰ্বে ৰীতাক ফিলিপাইনছৰ ৰাস্তাত ভিক্ষা খুজি থকা দেখা গ’লেও আজি তেওঁ ফেছন মডেল আৰু অনলাইন চেলিব্রিটি। ইনষ্টাগ্রামত তেওঁৰ এক লক্ষাধিক ফল’ৱাৰ।
২০১৬ চনত ফটোগ্রাফাৰ তোফাৰ ফিলিপাইনছৰ লুছবান চহৰলৈ আহিছিল। তাত তেওঁ ৰীতাৰ সৌন্দর্য দেখি মুগ্ধ হৈ এখন ফটো তোলে। পৰৱর্তী সময়ত ফটোখন ছচিয়েল মিডিয়াত পোষ্ট কৰে আৰু লগে লগে ই ভাইৰেল হৈ ৰীতাৰ জীৱনকে সলনি কৰি দিয়ে।
৫ বছৰ আগতে যেতিয়া ৰীতাৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল, তেতিয়া তেওঁ বহু বিউটি কুইনৰ পছন্দ হৈছিল। আর্থিকভাবে সহায়ও কৰিছিল নেটিজেন আৰু চেলিব্রিটিসকলে।
ছবিখন ভাইৰেল হৈ পৰাত বহু কেইটা ফেছন ব্ৰেণ্ডে ৰীতাক এটি মডেলিঙত মাতে। কিছুদিন পিছত টিভি শ্বতো উপস্থিত হয় ৰীতা। ৰীতা বেদজাও নামৰ এটি সংখ্যালঘু সম্প্রদায়ৰ সদস্য৷ সেয়ে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে তেওঁক বেডজাও গার্ল (bedjao girl) নাম দিছে।
২০১৮ চনত ৰীতাই ইউটিউবত এটি ভিডিও আপলোড কৰে। তাত তেওঁৰ নতুন ঘৰ সম্পর্কে তথ্য দিছিল। তেওঁৰ আমেৰিকান ফেন গ্রেছে এই ঘৰটি নিৰ্মাণ কৰাত সহায় কৰিছিল।
ৰীতা বৰ্তমান ছচিয়েল মিডিয়াত নিজৰ ফটোৰ বাবে খবৰৰ শিৰোনামত আছে। অৱশ্যে এই মুহূর্তত তেওঁৰ অগ্রাধিকাৰ হ’ল পঢ়া-শুনা শেষ কৰা।