ষ্টাফ ৰিপ’ৰ্টাৰ:
২০২১বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা।টুইটাৰ যোগে এই ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হব ১১ মে’ৰ পৰা।ইফালে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আৰম্ভ হ’ব ১২মেৰ পৰা পৰীক্ষাসমূহৰ ফলাফল ঘোষণা কৰা হব ৭ জুলাইৰ আৰু ৩০জুলাইত।
তাপৰ্যপূৰ্ণ কথা এই যে শুকুৰবাৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব ডঃ ৰমেশ চন্দ্ৰ চুতীয়া আৰু অধ্যক্ষ ডঃ দয়ানন্দ বৰগোঁহাই মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল।কিন্তু সচিব আৰু অধ্যক্ষ ঘোষণা ২৪ ঘণ্টাৰ পিছতে শিক্ষামন্ত্ৰীয়ে দুমাহ পিছোৱাই টুইটযোগে ঘোষণা কৰিলে পৰীক্ষা নতুন সময়।












