![]()
ইংৰাজী নৱ-প্ৰাকক্ষণত ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মহানগৰবাসীলৈ বিশেষ উপহাৰ। গুৱাহাটীৰ ভেটাপাৰাত মহানগৰবাসীৰ সুবিধাৰ অৰ্থে আজি মুকলি কৰিলে টেষ্ট বেংকৰ এক শাখা।
এছবিআই উত্তৰ-পূব শাখাৰ মুখ্য মহাপ্ৰৱন্ধক ৰমেশ আৰ এচয়ে ফিটা কাটি মুকলি কৰে নতুন শাখাটো। উল্লেখ মহানগৰীত এছবিআইৰ শাখা বৃদ্ধি হল ৪৮টালৈ।এই কথা মুখ্য মহাপ্ৰৱন্ধকগৰাকীয়ে জানিব দিয়ে।
মহানগৰীৰ জনতাৰ লগতে ভেটাপাৰাবাসীৰ সুবিধা হোৱাকৈ মুকলি কৰা শাখাটোত উপলদ্ধ হ’ব গ্ৰাহকৰ বাবে সকলো সুবিধা। লকাৰৰ ব্যৱস্থা উপৰি ডিজিটেল লেন-ডেনৰ সকলো সা-সুবিধা থাকিব। ইয়াৰ উপৰিও বেংকটোত জ্যেষ্ঠ লোকৰ বাবে থাকিব বিশেষ সুবিধা।













