![]()
গুৱাহাটী : অসম ৰাজ্যিক চিৰিয়াখানা দর্শনাৰ্থী বাবে আনুষ্ঠানিক উদঘাটন কৰিলে মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই। ইংৰাজী নৱবৰ্ষ প্ৰথম দিনটোতে পৰ্যটকৰ বাবে মুকলি হ’ব অসম ৰাজ্যিক চিৰিয়াখানা। ক’ৰনা বাবে বিগত ১০ মাহ বন্ধ হৈ থকা পাছত অসম ৰাজ্যিক চিৰিয়াখানা আজি উদঘাটন কৰে বনমন্ত্ৰী পৰিমল শুক্ল বৈদ্যই।
গুৰুত্বপূৰ্ণ কথা এই যে শুকুৰবাৰে চিৰিয়াখানা যদিও বন্ধ থাকে কিন্তু এইবাৰ শুকুৰবাৰে ইংৰাজী নতুন বছৰৰ প্ৰথম দিন হোৱা বাবে কাইলৈ পৰ্যটকৰ বাবে মুকলি থাকিব গুৱাহাটী অসম ৰাজ্যিক চিৰিয়াখানা।
সম্পূৰ্ণ সামাজিক দূৰত্ব মানি দর্শনাৰ্থীয়ে প্ৰৱেশ কৰিব পাৰিব চিৰিয়াখানাত। চিৰিয়াখানাৰ কৰ্তৃপক্ষই তাৰ বাবে প্ৰতি দিনে এক হাজাৰ দৰ্শনাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে।
উল্লেখ চিৰিয়াখানা দৰ্শনৰ বাবে টিকট অনলাইনত বুকিং কৰিব লাগিব। তাৰ বাবে আগতীয়াকৈ কৰিব লাগিব অনলাইন-বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই চিৰিয়াখানা উদঘাটন কৰি এইদৰে কয়।

পূৰ্বৰ দৰে টিকটৰ মূল্য ৩০ টকা নিৰ্ধাৰণ কৰা হৈছে। তাপৰ্যপূৰ্ণ কথা এই যে পূৰ্বতে নেদেখা বহুকেইটা নতুন জীৱ-জন্তু, পক্ষী দেখিবলৈ পাব অসম ৰাজ্যিক চিৰিয়াখানাত ৷
দর্শনাৰ্থীৰ জোতা-চেন্দেলত যাতে কোনো বীজাণু যাব নোৱাৰে তাৰ বাবে কৰ্তৃপক্ষই প্ৰৱেশৰ পথত বিশেষ চিনিটাইজিংৰ ব্যৱস্থা কৰিছে। ক’ৰনা দৰে মহামাৰী ৰোগ যাতে জীৱ-জন্তু দেহত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব দিয়ে কৰ্তৃপক্ষই।
বৰ্তমান কৰ’না কিছু শিথিলতা হোৱা বাবে চিৰিয়াখানা মুকলি কৰা সিদ্ধান্ত লোৱা বুলি জানিব দিয়ে মন্ত্ৰী বৈদ্যুই।













