![]()
বুধবাৰ পৰা অসম প্ৰকাশন পৰিষদৰ ৩৩তম গুৱাহাটী গ্ৰন্থমেলা। চান্দমাৰী অসম অভিযান্ত্ৰিক খেলপথাৰত ১১দিনীয়াকৈ অনুষ্ঠিত হ’ব লগা গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
উল্লেখ দুটা বছৰৰ মূৰত অনুষ্ঠিত হৈছে এইবাৰ গ্ৰন্থমেলা। গ্ৰন্থমেলাত ১১৭খনকৈ বিপনীয়ে অংশগ্ৰহণ কৰিব। অসমৰ লগতে দিল্লী, কলকাতা আৰু বাংলাদেশৰ প্ৰকাশন গোষ্ঠীয়ে ভাগ লব গ্ৰন্থমেলাত। সংবাদমেল যুগে এই কথা জনালে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।
গুৰুত্বপূৰ্ণ কথা অসম প্ৰকাশন পৰিষদৰ বাৰ খনকৈ নিৰ্বাচিত গ্ৰন্থৰ উন্মোচন কৰা হব উদ্বোধনী অনুষ্ঠান। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব য়েছে দৰজে ঠংচি। প্ৰায় ৫০ লাখ টকা বাজেট ধাৰ্য কৰা হৈছে গ্ৰন্থমেলা খনত।
আনহাতে এইবাৰ গ্ৰন্থমেলাত দুটা বৰ্ষ সামৰি প্ৰদান কৰা হ’ব জীৱন জোৰা সাধনা বঁটা। ২০১৯ বৰ্ষ অসম প্ৰকাশন পৰিষদৰ জীৱন জোৰা সাধনা বঁটা আগবঢ়াব সাহিত্যক, বুৰঞ্জীবিদ থানেশ্বৰ শৰ্মা। লগতে ২০২০ বর্ষৰ জীৱন জোৰা সাধন বঁটা আগবঢ়াব সাহিত্য চাৰ্য, ভাষাবিদ ৰমেশ পাঠকক।
উল্লেখ যে গ্ৰন্থপ্ৰেমীৰ বাবে প্ৰৱেশ বিনামূলীয়া হ’ব গুৱাহাটী গ্ৰন্থ মেলাৰ। জনালে আয়োজক সমিতিয়ে।













