ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১০৫জনকৈ ব্যক্তি ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৮২৭৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৭৪গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৩৪ গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ০.৪০ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৫৯১০ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩৩৮৯ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১১৪৮৩ গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৯৭.৯৪ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১০৩৫ গৰাকীলৈ বৃদ্ধি পালে।












