![]()
শনিবাৰে কটন এলাম্নাই ভৱনত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভাত গীতিকা শইকীয়াৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বৰ্ণিল অভিজ্ঞতাৰে লিখা “সৰা ফুলে কথা ক’লে” শীৰ্ষক উপন্যাসখন যশস্বী ঔপন্যাসিক, কবি, বিশিষ্ট চিন্তাবিদ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে৷ সভাত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, লেখিকা তথা ৰে’লৱে ক্লেইম্চ ট্ৰিবিউনেলৰ বিষয়া লীনা শৰ্মা, তুৰা চৰকাৰী কলেজৰ অধ্যাপিকা-সাহিত্যিক মীনাক্ষী বুঢ়াগোহাঁই, সংগীতশিল্পী তথা লেখক চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰী উপস্থিত থাকে৷
গ্ৰন্থ উন্মোচনী সভাৰ আহ্বায়িকা সাংবাদিক দৰ্শনা বৰুৱাৰ উদ্দেশ্য বাখ্যা আৰু আদৰণি ভাষণৰে আৰম্ভ হোৱা সভাখনৰ আঁত ধৰে লেখিকা পাপৰি সৌকাধৰা বৰঠাকুৰে৷
পাণবজাৰ এম আৰ পাব্লিকেশ্যনে প্ৰকাশ কৰা উপন্যাসখনৰ কাহিনী ভাগত এগৰাকী সাংবাদিকৰ দৃষ্টিভংগীৰে সংবাদ মাধ্যমক দেখুওৱাৰ প্ৰয়াস কৰা কৰিছে। খবৰৰ সন্ধানত ব্যস্ত পৃথিৱীখনৰ সদা ব্যস্ততাময় পৰিবেশ, খবৰৰ গুৰুত্বতকৈ নিজৰ স্থান সকলো প্ৰকাৰে সুৰক্ষিত কৰা প্ৰতিযোগিতা, গণতন্ত্ৰৰ চতূৰ্থ স্তম্ভৰ দায়িত্ব, কৰ্তব্য আদি লগতে বিশেষভাৱে দৃশ্য-শ্ৰব্য সাংবাদিকতাৰ জগতখনৰ বিষয়ে উপন্যাসখনত বৰ্ণনা কৰা হৈছে।
উল্লেখ কিছুবছৰ আগতে উচ্চতম ন্যায়ালয়ে দিয়া এক ঐতিহাসিক ৰায়দানৰ ফলত বৰ্তমান বৃন্দাবনত বিধৱাসকলে হো’লী আনন্দ- উছাহত আন সকলোৰে
সৈতে সমানে ভাগ ল’বলৈ কেনেদৰে সক্ষম হৈছে গ্ৰন্থখনত উল্লেখ কৰা লগতে উচ্চতম ন্যায়ালয়ৰ উক্ত ৰায়ৰ বিষয়ে উপন্যাসখনত বিষদভাৱে বৰ্ণনা কৰা হৈছে।












