ষ্টাফ ৰিপ’ৰ্টাৰ:
শুকুৰবাৰে মাজনিশা গুৱাহাটী আহি পালেহি অমিত শ্বাহ।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আদৰণি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ গুৱাহাটীত উপস্থিত শ্বাহ।বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে আদৰণি জনালে শ্বাহক।গুৱাহাটী পায়েই ছচিয়েল মিডিয়াত পোষ্ট কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ।
”গুৱাহাটী আহি পালোঁ। অসমৰ জনগণৰ অভূতপূৰ্ব আদৰণিয়ে মোক অভিভূত কৰিছে। এই উষ্ম আদৰণিৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ।”
শনিবাৰে দুপৰীয়া ১ বজাত আমিনগাঁৱত অমিত শ্বাহৰ সভা৷ইয়াৰ পাছত নগাঁৱৰ পৰা বটদ্ৰৱালৈ চাৰিলেন-যুক্ত পথৰ প্ৰকল্প মুকলি কৰিব অমিত শ্বাহে৷প্ৰায় ২২৩ কোটি ব্যয়েৰে “অসম মালা আঁচনি”ৰ অধীনত নিৰ্মাণ হ’ব এই পথ ৷
আনহাতে গুৱাহাটীত স্থাপন হ’বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷৮৬০ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে এই প্ৰকল্পত ৷
তদুপৰি ৰাজ্যত নতুনকৈ স্থাপন হ’বলীয়া ১১ খন আইন মহাবিদ্যালয়ৰ ১০ খনৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে ৷ উক্ত অনুষ্ঠানতে ৮ হাজাৰ নামঘৰক প্ৰদান কৰিব আঢ়ৈ লাখকৈ টকা ৷
নিশাৰ ভাগলৈ বিটিচিৰ নৱ নিৰ্বাচিত চৰকাৰৰ সদস্যৰ সৈতে আৰু উত্তৰ পূৱৰ আটাইবোৰ মিত্ৰজোঁটৰ ৰাজনৈতিক দলৰ সৈতে মত বিনিময় কৰিব ৷ শেহত দেওবাৰে কামাখ্যা দৰ্শনৰ পাছতে মণিপুৰলৈ ৰাওনা হ’ব অমিত শ্বাহ ৷












