ষ্টাফ ৰিপ’ৰ্টাৰ:
ব্ৰিটেইনকে ধৰি বিশ্বৰ বহুকেইটা স্থানত নতুন প্ৰজাতিৰ কৰ’না ভাইৰাছ সংক্ৰমণৰ লগে লগে ভাৰতৰো বহুকেইখন ৰাজ্যত লকডাউন ঘোষণা কৰা হ’ল।
অসমৰ যোৰহাটত বিদেশৰ পৰা অহা এজন ব্যক্তিৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰিছে। ফলত প্ৰশ্ন উঠিছে অসমতো দিয়া হ’ব নেকি পুনৰ লকডাউন ৷
পিছে জনতাৰ মনৰ সন্দেহ দূৰ কৰি আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত নতুনকৈ লকডাউন ঘোষণা কৰাৰ কোনো পৰিকল্পনা নাই। অসম চৰকাৰে এই ক্ষেত্ৰত জনতাই পালন কৰিবলগীয়া ক’ভিড প্ৰট’কল শীঘ্ৰেই ঘোষণা কৰিব বুলিও তেখেতে জনায় ।












