ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি ধৰ্মীয় উৎসৱ বৰদিন। বৰদিন উপলক্ষে বিশ্বজুৰি খ্ৰীষ্টানধৰ্মৰ লোকসকলৰ মাজত দেখা হৈছে ব্যপক উছাহ উদ্দীপনা। অসমতো পূৰ্বৰ তুলনাত এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে বৰদিন।
সুন্দৰকৈ সজাই তোলা হৈছে গীৰ্জা সমূহ।বৰদিনৰ বাবে ভিৰ হৈছে বজাৰ সমূহ।ব্যতিক্ৰম নহয় মহানগৰী গুৱাহাটী পৰিৱেশ।নানা ৰঙীন আলোকেৰে উজ্বলাই তোলা হৈছে প্ৰতিটো গীৰ্জা।
পানবজাৰ ডন’বস্ক আৰু নেহৰু পার্কত থকা দুয়োটা গীৰ্জা ঘৰৰ প্ৰায় সাজু হৈছে বৰদিনৰ বাবে। আজি পুৱা ৯ বজাৰ পৰাই সকলোৱে গীৰ্জাত উপস্থিত হৈ কৰিব পাৰিব প্ৰাৰ্থনা, কিন্তু কোভিড নিয়ম সকলোৱে মানি চলিব লাগিব।












