![]()
অসম জাতীয় পৰিষদৰ সভাপতি দায়িত্ব গ্ৰহণ কৰি প্ৰথমবাৰ গুৱাহাটীত উপস্থিত হোৱা আছু প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক বিশাল বাইকৰেলীৰে উষ্ম আদৰণি।দলীয় সতীৰ্থ-শুভাকাংক্ষীয়ে খানাপাৰা পৰা মাছখোৱা আন্ধাৰুবালিলৈ প্রিয়নেতা গৰাকীক উষ্ম আদৰণি জনাই।
গুৱাহাটী ব্যস্ত ৰাজপথ জিন্দাবাদ ধ্বনি তুলি চৰকাৰ বৰঘৰ দিছপুৰৰ পুদূলিৰে সতীৰ্থই আদৰণি জনায় নৱ নিৰ্বাচিত সভাপতি গৰাকীক। পথৰ কাষত ৰৈ বহুজনে লুৰীণক জাতীয় সংগ্রামলৈ যোৱা সাহস দিলে।
অসম জাতীয় পৰিষদ জিন্দাবাদ, লুৰীণজ্যোতি গগৈ জিন্দাবাদ, আমাৰ ককাই জিন্দাবাদ ধ্বনিত মুখৰিত হ’ল গুৱাহাটী ৰাজপথ। সতীৰ্থ-শুভাকাংক্ষীৰ আদৰত আৱেগিক হ’ল লুৰীণজ্যোতি।
সভাপতি লুৰীণক আদৰণি যাত্ৰাত সংগ দিলে জগদীশ ভূঞা, পবিন্দ্র ডেকা, চিত্তৰঞ্জন বসুমতাৰী আদি এজেপি শীৰ্ষ নেতৃত্বই।
গুৱাহাটী ব্যস্ত ৰাজপথত বিশাল বাইক ৰেলীৰে যাতে জনতাক অসুবিধাত পেলাব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ গুৰুত্ব পালন কৰি এজেপি কৰ্মকৰ্তাসকলে ৰেলী মাজেৰে ৰোগী কঢ়িওৱা এম্বেলেন্স সুচাৰুপে চলাচল কৰাত সহযোগ কৰাৰো দেখা যায়।
বিশাল বাইক ৰেলীৰ অসম গণ পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত ৰৈ অগপ মূর্দাবাদ ধ্বনি দিয়াৰো পৰিলক্ষিত হয়।
বাইক ৰেলী অন্তত লাচিত ঘাটত থকা বীৰ লাচিতৰ প্ৰতিমূৰ্তি সন্মুখত ৰাজহুৱা সম্বৰ্ধনা জনাই সভাপতি লুৰীণজ্যোতি গগৈক।












