![]()
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে গুৱাহাটী পদপথৰ ধৰ্মীয় অনুষ্ঠানত চক্ৰবিষয়া কার্যালয়ৰ উচ্ছেদ অভিযান। পদপথৰ ধৰ্মীয় অনুষ্ঠানত চলিল বুলডেজাৰ।
বেলতলা বজাৰৰ শনি মন্দিৰ, হনুমান মন্দিৰ, খানাপাৰা শনি মন্দিৰকে আদি কৰি বিভিন্ন স্থানত পদপথত অবৈধভাৱে থকা ধৰ্মীয় অনুষ্ঠানসমূহ এফালৰ পৰা ধ্বংস কৰি নিয়ে।

উচ্ছেদ কৰিবলৈ অহা চক্ৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি ক’ৰনা ভাইৰাচৰ পূৰ্বে উচ্চ ন্যায়ালয়ে এই ধৰ্মীয় অনুষ্ঠানসমূহ উচ্ছেদ কৰা নিৰ্দেশ দিছিল। কিন্তু ক’ৰনা বাবে উচ্ছেদত কিছু পলম হ’ল।
আনহাতে মন্দিৰসমূহ উচ্ছেদৰ সন্দৰ্ভত প্ৰশাসনে কোনো জাননী নিদিয়া বুলি ক্ষোভ প্ৰকাশ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে।












