![]()
গুৱাহাটী জালুকবাৰীত ভয়ংকৰ অগ্নিকাণ্ড। মুহূৰ্ততে জাহ গল ৭০টাকৈ বাসগৃহ। জালুকবাৰী আৰক্ষী চকী ৰটাৰী পইণ্টৰ সমীপত আজি দিনৰ ভাগত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডটো।
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত ৰন্ধন গেছৰ ছিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ প্ৰকাশ কৰিছে। অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল প্ৰায় ১৪ খন অগ্নিনিৰ্বাপক বাহনৰ প্ৰয়োজন হয় অগ্নিনিৰ্বাপনৰ বাবে।

দুপৰীয়া ভাগত সংঘটিত হোৱা দুপৰীয়াৰ ভাগত ঘটনাই মুহূৰ্ততে হুৱা-দুৱা লাগে সমগ্ৰ জালুকবাৰী ৰাইজৰ মাজত। প্ৰাপ্ত খবৰ মতে প্ৰায় ১৮টা চিলিণ্ডাৰ বিস্ফোৰণ হয় অগ্নিকাণ্ডত। পৰিস্থিতি নিয়ন্ত্ৰণ কৰা বাবে পাণ্ডু, পাণবজাৰ, চানমাৰি, লখৰা, মিৰ্জা, উত্তৰ গুৱাহাটী পৰা অগ্নিনিৰ্বাপক বাহিনী বাহন মোটায়ন কৰিব লগা হয়।
আনহাতে অগ্নিকাণ্ডত ক্ষয়ক্ষতি পৰিমাণ বৰ্তমানো জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডত আপোন ঘৰখন হেৰুৱাই কান্দোনত ভাগি ক্ষতিগ্ৰস্তসকল। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান তদন্তৰ আৰম্ভ কৰিছে জালুকবাৰী আৰক্ষীয়ে।













