ষ্টাফ ৰিপ’ৰ্টাৰ:
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ বিৰুদ্ধে আন্দোলন কৰা হুংকাৰ শিল্পী জুবিন গাৰ্গৰ।জাতিৰ বাবে আন্দোলন হ’বই বুলি উল্লেখ কৰিছে নৱ প্ৰজন্ম হাৰ্টথ শিল্পী গৰাকীয়ে।
ৰবীন্দ্ৰ ভৱনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত শিল্পী গৰাকীয়ে কয়- বৈপ্লৱিক চিন্তা এতিয়াও আছে।আন্দোলন স্থিমিত হলে পুনৰ জাগ্ৰত হব ৰাইজ”।
এটা জাতিৰ হকে আন্দোলন কৰিলে কোনেও বন্ধ কৰিব নোৱাৰে।বিভিন্ন পন্থাৰে সাব্যস্ত কৰা হ’ব প্ৰতিবাদ-জুবিনে কয়।
ক’ৰনা শেষ নোহোৱালৈ ৰাজপথৰ আন্দোলনৰ বিপৰীতে বিভিন্ন মাধ্যমৰ জৰিয়তে হ’ব প্ৰতিবাদ বুলি কয় জুবিনে।
ইফালে অসম জাতীয় পৰিষদৰ সন্দৰ্ভত কয়- তেওঁলোকে আশা বাদী মন লৈ আহিছে।ভালকৈ কাম কৰক।নিৰ্বাচন বস্তুটো ৰাইজৰ হাতত থাকে ৰাইজে যাক ভাল পাই তাকে ভোট দিব।যি পাৰ্টী আহে ভাল মানুহ আহিব লাগে।
আনহাতে এজেপি নৱনিৰ্বাচিত সভাপতি লুৰীণজ্যোতি গগৈ সন্দৰ্ভত কয়-সি মোৰ ভাই দৰে।তাক ভাল পাওঁ, মৰম কৰো।












