ষ্টাফ ৰিপ’ৰ্টাৰ:
বড়ো ভাষাত বিটিচি মূখ্য কাৰ্যবাহী হিচাপে প্ৰমোদ বড়োৱে ল’লে শপত গ্ৰহণ। কোকৰাঝাৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত মূখ্য সচিব জিষ্ণু বৰুৱাই শপত বাক্য পাঠ কৰোৱায় প্ৰমোদ বড়োক। সমান্তৰালকৈ, প্ৰমোদ বড়োৰ লগতে উপ–মুখ্য কাৰ্যবাহী সদস্য হিচাপে গোবিন্দ বসুমতাৰীয়ে অসমীয়াত শপত বাক্য পাঠ কৰে।
আনহাতে কাৰ্যবাহী সদস্য হিচাপে শপত লয় বিজেপিৰ গৌতম দাস, দিগন্ত বৰুৱা আৰু জিএছপিৰ ঘনশ্যাম দাসে।শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাস, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মন্ত্ৰী ভৱেশ কলিতা, বিধায়ক অশোক সিংহল, বিমল বড়া, ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মা, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত তথা সাংসদ নৱ কুমাৰ শৰণীয়া আৰু ভুবনেশ্বৰ কলিতাও উপস্থিত থাকে।
বডোফাৰ Live And Let Live শ্লোগান সদায় মানি যোৱাৰ সংকল্প লোৱাৰ লগতে প্ৰমোদ বড়োৱে নিজ ভাষণত কয় যে, “BTRৰ চুক্তি মানৱতাৰ চুক্তি৷ বহু নেতা আহে আৰু যায়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সমস্যা সমাধান কৰিব বিচৰা এজন স্বনামধন্য নেতা। UPPL-BJP-GSP–এ সন্মিলিত চৰকাৰ গঠন কৰিছে৷ আমাৰ চৰকাৰ ক্ষমতা লাভৰ চৰকাৰ নহয়, আমাৰ চৰকাৰ হ’ব সমস্যা সমাধানৰ চৰকাৰ।”













