ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম মাতৃক ৰক্ষা বাবে নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে আন্দোলন কৰি শ্বহীদ হোৱা পঞ্চ শ্বহীদক স্মৰণ সমগ্ৰ ৰাজ্যবাসীয়ে কৰিছে।
যোৱা বৰ্ষ কা’ আন্দোলনৰ সময়ত পৰিয়ালৰ বাবে হাতীগাঁও চাৰিআলিত বজাৰ কৰি ঘৰলৈ উভতি অহা অৱস্থাত আৰক্ষীৰ গুলিত গুলীবৃদ্ধি হৈ বিগত এটা বছৰে বিছনাত পংগু জীৱন পাৰ কৰা দুৰ্ভগীয়া ৰাজেন মেধি খবৰ কিমান জনে ৰাখিছে।
আৰক্ষী গুলিত গুৰুত্ব ভাৱে আহত হৈ পংগু হোৱা অট’ৰিক্সা চালক ৰাজেন মেধি পৰিয়ালৰ বৰ্তমান অৱস্থা ৰজাঘৰে বুজি পাব নে!
সদৌ অসম ছাত্ৰ সন্থা আহ্বানত গুৱাহাটী হাটীগাঁও হাইস্কুলত কা’ আন্দোলনৰ পঞ্চশ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি অভিশপ্ত সেই দিনটো কথা বৰ্ণনা কৰিলে এইদৰে- “আজি যিদৰে হাতীগাঁও হাইস্কুলত কা’ আন্দোলন হৈছে যোৱা বছৰো আন্দোলন হৈছিল।
সেই দিনা হাতীগাঁও চাৰিআলিত বজাৰ কৰি ৰঘুনাথ চৌধুৰী পথত থকা ঘৰলৈ আহি থকা অৱস্থাত হাতীগাঁও হাইস্কুলৰ সন্মুখত কোন ফালৰ পৰা পুলিচ আহি মোক গুলি কৰিলে গম নাপালোঁ।
বাওঁ ভৰিত গুলি লাগি, হাড় ভাঙি ৰাস্তাত ঢলি পৰিলোঁ।লগ বন্ধুৱে মোক তুলি গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ নিলে।তাত আই চি ইউত ২৪দিন থাকিলো।কিন্তু পূৰ্ব অৱস্থা ঘূৰাই নাপালোঁ”।
বৰ্তমান পংগু জীৱন অতিবাহিত কৰা ৰাজেন মেধিয়ে ক’ৰনা বাবে অপাৰেচনো কৰিব নোৱাৰা বুলিও আমাক জানিব দিয়ে।
উল্লেখ চাৰিজনীয়া পৰিয়ালটোক অট’চলাই পোহপাল দিছিল গুলি বৃদ্ধ ৰাজেনে।কিন্তু যোৱা এটাবৰ্ষ অটৰিক্সা চলাই পত্নী, পুত্ৰ আৰু কন্যাক পোহপাল দিব পৰা নাই।ফলত আৰ্থিক সমস্যাত দিন পাৰ কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে।
গুৰুত্বপূৰ্ণ গুলিবৃদ্ধ ৰাজেন মেধি বিজেপি হাতীগাঁও ১৮৭ বুথ কমিটি উপ-সভাপতি আছিল।নিজ দলৰ চৰকাৰ থকা পাছতো যোৱা এটা বছৰ দল-চৰকাৰৰ পৰা কোনো নাহিল মোৰ খবৰ কৰিবলৈ- মেধিয়ে কয়।












