ষ্টাফ ৰিপ’ৰ্টাৰ:
আকৰ্ষণীয় পৰ্যায়ত বিটিচি নিৰ্বাচন। তীব্ৰ প্ৰতিদ্বন্দিতা বিজেপি, বিপিএফ আৰু ইউপিপিএলৰ মাজত।কোনো দলেই বিটিচিত শেষ হাঁহি মাৰিবলৈ সক্ষম নহ’ল। প্ৰয়োজনীয় মেজিক সংখ্যা ২১ অতি ক্ৰম কৰিব নোৱাৰিলে বিপিএফ, ইউপিপিএল আৰু বিজেপিয়ে। বিটিচি এই নিৰ্বাচনত কোনো এটা দলৰ পক্ষতে জনতাই ৰায় নিদিলে।
অৱশেষত হাগ্ৰামাৰ ছন্দ পতন হল।বিজেপিয়ে এইবাৰ আগবঢ়াইছে তীব্ৰ প্ৰতিদ্বন্দিতা। প্ৰায় নিশ্চিত হৈছে যে, বিজেপিৰ সমৰ্থন অবিহনে কোনো দলেই নোৱাৰিব চৰকাৰ গঠন কৰিব।
*বিপিএফ জয়ী হৈছে ১৭ খন আসনত।
*ইউপিপিএলৰ প্ৰাৰ্থী জয়ী হ’ল ১২খন আসনত।
*৯খন আসনত বিজেপিৰ জয় লাভ।
*এখন আসনত কংগ্ৰেছ আৰু ১খন আসনত জিএছপিৰ জয়লাভ।
দেৱৰগাওঁ সমষ্টিত বিপিএফ প্ৰাৰ্থী হাগ্ৰামা মহিলাৰীৰ জয়লাভ।
ইউপিপিএলৰ প্ৰাৰ্থী ৫১৪২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে হাগ্ৰামাই।
কচুগাওঁ সমষ্টিত পৰাস্ত হাগ্ৰামা মহিলাৰী
বিটিচি নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ খবৰ। বিগত ১৭ বছৰ বিটিচিত একপ্ৰকাৰ দপদপাই থকা হাগ্ৰামা মহিলাৰীৰ প্ৰথমটো পৰাজয়। কচুগাওঁ সমষ্টিত পৰাজয়বৰণ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। ইউপিপিএলৰ ইউকিল মোছাহাৰীৰ হাতত ৩৬৫টা ভোটত পৰাস্ত হৈছে।













