ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১৬৫ জনকৈ ব্যক্তি ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২২৬৪৯ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৪০ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৪৫ গৰাকী ৰোগী কামৰূপ(ম)ৰ৷আক্ৰান্তৰ হাৰ ০.৬২ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৪৩০৫ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩৫১৬ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২০৯৭৮৭ গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৯৭.৮৯ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯৯৯ গৰাকীলৈ বৃদ্ধি পালে।












