![]()
দেশৰ কৃষকে আহ্বান জনোৱা ভাৰত বন্ধ লৈ পূৰ্ণ সমৰ্থন জনালে ৰাজ্য কৃষক সংগঠনসমূহে। ভাৰত বন্ধ সফল কৰা বাবে গুৱাহাটী বিভিন্ন স্থানত কৃষক সংগঠনসমূহে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ।
মহানগৰী কাহিলীপাৰা দক্ষিণগাঁও তিনিআলিৰ টিএবি মেমৰিয়েল জাতীয় বিদ্যালয় সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দলে বন্ধ সমৰ্থনত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। ৬জনকৈ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা আটক কৰি দিছপুৰ থানালে লৈ আহে।

চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলা লগতে কৃষক বিৰোধী কৃষি আইন-২০২০ শীঘ্ৰে বাতিল কৰি কৃষকৰ দাবী মানি লবলৈ দাবী জনায় সংগঠন কেইটাই।
উল্লেখ্য যে বে-আইনীভাৱে প্ৰতিবাদ সাব্যস্ত কৰি পথ অৱৰোধ কৰা বাবে উৰ্দ্ধতম কৰ্তৃপক্ষ লগত কথা পাতি প্ৰতিবাদকাৰী সকলক আটক কৰা বুলি জানিব দিয়ে দিছপুৰ আৰক্ষীয়ে।












