ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৮৪ জনকৈ ব্যক্তি ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১৫১৪টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৯৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৩৮ গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ০.৮৪ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৩৭৫৯ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩৫৫২গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২০৯২১১ গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৯৭.৮৭ শতাংশ ৷
উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯৯৩ গৰাকীলৈ বৃদ্ধি পালে।দেওবাৰে ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৪ গৰাকী লোকৰ।মৃত্যু হোৱা লোক কেইগৰাকী হ’ল ডিব্ৰুগড় জিলাৰ সহদেৱ শ্যামন্ত (৪০), যোৰহাট জিলাৰ অনিমা কোৰ ( ৫০),শোনিতপুৰ জিলাৰ থানেশ্বৰ বড়ো আৰু কামৰূপ মহানগৰ জিলাৰ প্ৰণৱ ভট্টচাৰ্য্য ।












