ষ্টাফ ৰিপ’ৰ্টাৰ:
ভাৰতীয় জনতা পাৰ্টিৰ নীতি, আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতিসহ সমগ্ৰ অসমৰ প্ৰায় ১৭০০ সদস্যই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।
সকলো নবীন সদস্যক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে,আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ নীতি, আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ ৰাইজৰ উন্নতিৰ স্বাৰ্থত কাম কৰি যাবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে আগন্তুক দিনত অসমক ভাৰতবৰ্ষৰ ৫ খন শীৰ্ষস্থানৰ ৰাজ্যৰ মাজত প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত কাম কৰি যাবলৈ আহ্বান জনায়। সভাপতিগৰাকীয়ে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সদস্যৰ এই যোগদান কাৰ্যসূচীক ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয় বুলি অভিহিত কৰে।
সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো সদস্যক ভাৰতীয় জনতা পাৰ্টিলৈ আন্তৰিকতাৰে স্বাগতম জনায় কয়, ভাৰতীয় জনতা পাৰ্টি আন ৰাজনৈতিক দলসমূহৰ পৰা পৃথক। ভাৰতীয় জনতা পাৰ্টিয়ে জন্মলগ্নৰে পৰা ভাৰতৰ সভ্যতা, সংস্কৃতি আৰু মূল্যবোধৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দেশৰ উন্নতিৰ স্বাৰ্থৰ হকে কাম কৰি আহিছে।
দলৰ নীতি আৰু উন্নয়নমূলক কামৰ প্ৰতি আকৰ্ষিত হৈ আজি যোগদান কৰা সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ বৃহৎ সংখ্যকৰ সদস্যই আগন্তুক দিনত ৰাষ্ট্ৰীয়তাবাদৰ ভাৱধাৰাৰে অনুপ্ৰাণিত হৈ সমাজ আৰু দেশৰ উন্নতিৰ কাৰণে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
ভাষণ প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতিৰ ভূমিকাক বিশেষভাবে শলাগি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰণজিৎ কুমাৰ দাসৰ বলিষ্ঠ পদক্ষেপৰ বাবেই বৰাক ব্ৰহ্মপুত্ৰৰ প্ৰতিটো কোণত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।
সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতি যুগল কিশোৰ বনিয়াই ভাৰতীয় জনতা পাৰ্টিৰ সকলোৰে প্ৰতি সমভাবাপন্ন নীতিৰ দ্বাৰা আকৃষ্ট হৈ আজি এই বৃহৎ সংখ্যকে ৰাজ্যিক বিজেপিত যোগদান কৰিছে বুলি অভিহিত কৰে।
আজি যোগদান কৰাসকলৰ ভিতৰত সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ অসম ৰাজ্যিক সমিতিৰ প্ৰাক্তন উপদেষ্টা ডম্বৰুধৰ দাস, প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক অসীম দাস, প্ৰাক্তন সাংগঠনিক সম্পাদক মিথুন দাস, প্ৰাক্তন সাংগঠনিক সম্পাদক চিত্ৰ দাস, প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক লাচিত দাস, প্ৰাক্তন সহকাৰী সম্পাদক নিৰঞ্জন দাস,বপ্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যদ্বয় প্ৰফুল্ল দাস, নিতুল হাজৰিকা অন্যতম।
ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ তপন কুমাৰ গগৈয়ে আঁতধৰা এই যোগদান কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ সম্পাদকদ্বয় বেনুধৰ নাথ, কৃষ্ণমণি চুতীয়া, ৰাজ্যিক বিজেপিৰ অনুসূচীত জাতি সন্থাৰ সভাপতি নবাৰুণ মেধিৰ লগতে অন্যান্য ৰাজ্যিক বিষয়ববীয়া আৰু দলীয় কার্যকৰ্তাসকল উপস্থিত আছিল।












