ষ্টাফ ৰিপ’ৰ্টাৰ:
কামৰূপ জিলা পৰিবহণ বিভাগে জাৰি কৰিছে কিছুমান নতুন নিৰ্দেশনা ৷ এই নিৰ্দেশ সমূহ গুৱাহাটী মহানগৰীত মানি নচলিলে ভৰিব লাগিব জৰিমনা ৷
কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসে প্ৰকাশ কৰিছে যে গুৱাহাটীত বাইক চালকৰ লগতে চালকৰ পিছত বহি যোৱা ব্যক্তিয়েও এতিয়াৰে পৰা বাধ্যতামূলক ভাবে পৰিধান কৰিব লাগিব হেলমেট ৷ আৰু এই নিয়ম অমান্য কৰিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা ৷ ইয়াৰোপৰি নিয়ম উলংঘা কৰা জনৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হ’ব ৷
উল্লেখযোগ্য এই নিৰ্দেশনা পূৰ্বেও জাৰি কৰা হৈছিল যদিও মহানগৰীৰ অধিকাংশ লোকেই এই নিয়ম উলংঘা কৰিছিল ৷
ইয়াৰোপৰি গুৱাহাটী মহানগৰীৰ চিটি বাছৰ মালিকসকলক ৰোড টেক্স ৩১ ডিচেম্বৰৰ ভিতৰত আদায় দিবলৈ নিৰ্দেশ দিছে পৰিবহণ বিভাগে ৷ এই নিয়ম উলংঘা কৰিলেও জৰিমনা বিহা হ’ব উলংঘাকাৰীক ৷












