ষ্টাফ ৰিপ’ৰ্টাৰ:
এপিডিচিএল ব্যক্তিগতকৰণ বিৰুদ্ধে গুৱাহাটীত বিৰোধী ৰাজনৈতিক দলসমূহৰ যৌথ বিক্ষোভ।পল্টনবজাৰ স্থিত বিজুলী ভৱনৰ সন্মুখত সাব্যস্ত কৰা হয় এই বিক্ষোভ কাৰ্যসূচী।
অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আঞ্চলিক গণ মৰ্চা, কংগ্ৰেছ, আপ, অসম সংগ্রামী মঞ্চকে ধৰি প্ৰায় ১৩টাকৈ ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
দিনৰ ১১ বজা পৰা সাব্যস্ত কৰা প্ৰতিবাদ উপস্থিত থাকি ৰাজ্যসভা সাংসদ তথা আঞ্চলিক গণ মৰ্চা নেতা অজিত কুমাৰ ভুঞাই কয়- কেৱল অসমৰে নহয় সমগ্ৰ দেশৰ বিদ্যুৎখণ্ডক পুঁজিপতি হাতত তুলি দিব বিচাৰিছে।অসমৰ দুটা কাগজ কল পুনৰুজ্জীৱিত কৰিব নোৱাৰা চৰকাৰে ৰাজহুৱা সম্পদ-সম্পত্তি এটা এটাকৈ ব্যক্তিগত পুঁজিপতি বনিক গোষ্ঠীৰ হাতত পানী দামত বিক্রী কৰিছে।
অসমৰ লাভজনক গোপীনাথ বৰদলৈ বিমানবন্দৰ আদানীৰ হাতত গতাই দিলে।সময়ত ৰাইজে প্ৰয়োজনীয় প্ৰতিবাদ নকৰা বাবে তেওঁলোকে গণবিৰোধী কাম কৰিবলৈ সাহস গোটাব পাৰিছে বুলি উল্লেখ কৰি ভুঞাই কয়- সংখ্যা জোৰত গা-বলেৰে কৃষি বিধেয়ক সংসদত গৃহীত কৰা হ’ল।
অন্যায়ৰ বিৰুদ্ধে ভাৰতবর্ষ কৃষক জাগি উঠিছে শুভলক্ষণ।পুঁজিপতি স্বাৰ্থত বিজেপিয়ে পুলিচ-চিআৰপি লগাই কৃষকৰ ওপৰত অত্যাচাৰ কৰিছে।উল্লেখ বিক্ষোভত ৰাইজৰ দলৰ পৰা ৰুবুল দাস, দিৱস ফুকন প্ৰমুখ্যে প্ৰতিটো দলৰ প্ৰতিনিধি উপস্থিত থাকে।












