ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজনৈতিক অভিষেকৰ দিশে আৰু এখোজ আগবাঢ়িল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ৷ সমুজ্জ্বল ভট্টাচাৰ্যৰ দোদুল্যমান স্থিতৰ মাজতে আজি আছুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল’লে লুৰিণজ্যোতি গগৈয়ে। এই উপলক্ষে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ উক্ত অনুষ্ঠানতে লুৰিণজ্যোতিয়ে আনুষ্ঠানিকভাৱে আছু ত্যাগ কৰে।
জানিব পৰা মতে, অতি সোনকালেই প্ৰাক্তন আছু নেতাগৰাকীয়ে ৰাজনীতিৰ পথাৰত খোজ পেলাব৷ নৱগঠিত জাতীয় আঞ্চলিক দল অসম জাতীয় পৰিষদত লুৰিণজ্যোতি গগৈয়ে যোগদান কৰিব বুলি প্ৰকাশ। অহা ১৬-১৭ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ পূৰ্বেই লুৰিণজ্যোতিয়ে এজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।












