ষ্টাফ ৰিপ’ৰ্টাৰ:
অহা ১৬ আৰু ১৭ ডিচেম্বৰত দুদিনীয়া ৰাজনৈতিক অভিৱৰ্তনেৰে শিৱসাগৰত আত্মপ্ৰকাশ কৰিব নতুন জাতীয়তাবাদী আঞ্চলিক দল অসম জাতীয় পৰিষদে৷ আজি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে এজেপিৰ মুখ্য আহ্বায়ক ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্যই৷
গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাটৈ মন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত এই কথা ঘোষণা কৰে ডঃ ভট্টাচাৰ্যই৷ উক্ত অভিৱৰ্তনতে দলটোৰ সংবিধানখনো আনুষ্ঠানিকভাৱে গ্ৰহণ তথা প্ৰকাশ কৰা হ’ব বুলি তেওঁ লগতে উল্লেখ কৰে৷
আনহাতে, আজিৰ অনুষ্ঠানতে এজেপিৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তি আনুষ্ঠানিকভাৱে গঠন কৰা হয়৷ অসমৰ বিভিন্ন জিলাৰ পৰা অহা দুই শতাধিক মহিলাৰ অংশগ্ৰহণেৰে আজি জাতীয় মহিলা শক্তি গঠন কৰাৰ লগতে ৰাজ্যিক আহ্বায়ক সমিতিখন গঠন কৰা হয়৷
৫ গৰাকী উপদেষ্টা, ত্ৰিছগৰাকী আহ্বায়ক আৰু ৩৫গৰাকী সমন্বয়কেৰে জাতীয় মহিলা শক্তি গঠন কৰা হয়৷ উল্লেখ্য যে আজিৰ অনুষ্ঠানত গুৱাহাটী মহানগৰীৰ ৫০গৰাকী বিজেপিৰ মহিলা কৰ্মকৰ্তাই বিজেপি ত্যাগ কৰি এজেপিত যোগদান কৰে৷ এজিপিৰ পৰাও পদত্যাগ কৰি আহি বহু সংখ্যক মহিলাই এজেপিত যোগদান কৰে৷ ইফালে ইতিমধ্যে তৃণমূলৰ বিদ্ৰোহৰ সন্মুখীন হোৱা এজিপিৰ বহু কেইজন নেতাইও এজিপি ত্যাগ কৰি এজেপিত যোগদান কৰে৷












