ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

লাচিত বৰফুকনৰ ওপৰত মেগা চলচ্চিত্ৰ প্ৰকল্প : পৰিচালনা কৰিব জাহ্নু বৰুৱাই

ASSAM TIMES POST by ASSAM TIMES POST
December 3, 2020
Reading Time: 1 min read
A A
0
লাচিত বৰফুকনৰ ওপৰত মেগা চলচ্চিত্ৰ প্ৰকল্প : পৰিচালনা কৰিব জাহ্নু বৰুৱাই

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ:

গুৱাহাটী, ৩ ডিচেম্বৰ : প্ৰথিতযশা চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক জাহ্নু বৰুৱাই বিশ্ববিখ্যাত আহোম সেনাপতি লাচিত বৰফুনৰ জীৱনভিত্তিক এখন হিন্দী চলচ্চিত্ৰ পৰিচালনা কৰিব। ছবিখনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।

দেশৰ শীৰ্ষ ছবি নিৰ্মাতা প্ৰতিষ্ঠানৰ উপৰি, গুৱাহাটীস্থিত ড্ৰীম হাউছ প্ৰডাকচনজে এই ছবিখন নিৰ্মাণ কৰিব৷ ছবিখন ২০২২ চনৰ পূৰ্বে ছবিগৃহলৈ অহাৰ আশা কৰা হৈছে। ছবিখনত আহোম সেনা প্ৰধানগৰাকীৰ ভূমিকাত দেশৰ এজন আগশাৰীৰ অভিনেতাই অভিনয় কৰিব বুলি এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে ছবি নিৰ্মাতা গোষ্ঠীটোৱে।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি ১২বাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ছবি নিৰ্মাতাগৰাকীয়ে কয় যে স্বাধীন ভাৰতৰ সাত দশকৰ অধিক সময়ৰ পিছত অসমৰ সেনা নায়ক আৰু ভাৰত গৌৰৱ লাচিত বৰফুকন ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত উদ্ভাসিত হৈ উঠিব।

কেইবা কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ছবিখন নিৰ্মাণৰ বাবে আগবাঢ়ি অহা উদ্যোগপতি তথা প্ৰযোজক সুৰেশ শর্মাক তেওঁ ধন্যবাদ জনায়। “২০ বছৰ ধৰি মই মোৰ প্ৰিয় সেনা নায়ক লাচিত বৰফুকনৰ ওপৰত এখন ছবি নিৰ্মাণৰ সপোন দেখি আহিছোঁ। এই প্ৰক্ৰিয়াৰ বাবে বহুতো চৰকাৰী উদ্যোগ আছিল, যাৰ ভিতৰত আছে পূৰ্বৰ দুজন গৱৰ্ণৰৰ প্ৰস্তাৱ৷

কিন্তু এনে মেগা প্ৰকল্পৰ বাবে সন্তোষজনক বাজেট নিৰ্ধাৰণ কৰা নহ’ল৷” তেওঁ কয়।
এই মেগা প্ৰকল্পটো বাস্তৱ ৰূপায়ণৰ বাবে শর্মাৰ উদ্যোগক চৰকাৰে সকলো ধৰণে সমৰ্থন আগবঢ়াব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ “মই ইয়াৰ সৈতে জড়িত হ’বলৈ পাই সন্মানিত আৰু উচ্ছ্বসিত হৈছোঁ৷” বৰুৱাই লগতে কয়।

সত্যম গ্ৰুপ অব ইণ্ডাষ্ট্ৰিজৰ পৰিচালন সঞ্চালক তথা ডিএইচ প্ৰডাকচনজৰ সৈতে জড়িত সুৰেশ শর্মাই মিডিয়াৰ সৈতে হোৱা বাৰ্তালাপত কয় যে তেওঁ এই উদ্যোগৰ সৈতে জড়িত হ’বলৈ পাই গৌৰৱান্বিত অনুভৱ কৰিছে। “জাহ্নু ছাৰৰ সৈতে কাম কৰিবলৈ মোৰ মনত সদায়ে কিবা এটা আশা আছিল। যেতিয়া মই এবছৰ পূৰ্বে লাচিতৰ ওপৰত এখন ছবিৰ কথা চিন্তা কৰিছিলো, মই জানিছিলো যে বৰুৱা ছাৰে মোৰ প্ৰথম পছন্দ হ’ব৷” শর্মাই কয়। তেওঁ লগতে মিডিয়াৰ আগত প্ৰকাশ কৰে যে এয়া হ’ব এতিয়ালৈকে অসমত নিৰ্মিত আটাইতকৈ ব্যয়বহুল ছবি।

“এনে এখন ছবিত যথেষ্ট বিনিয়োগ জড়িত হৈ আছে। এজন উদ্যোগপতি আৰু ভূমিপুত্ৰ হিচাপে, মই অনুভৱ কৰোঁ যে সমাজখনে মোক যি দিছে তাৰ বিনিময়ত কিবা এক অৱদান আগবঢ়োৱাৰ এয়া মোৰ উত্তম পথ৷” নিজৰ অনুভৱ ব্যক্ত কৰি সুৰেশ শৰ্মাই কয়৷ তেওঁ কয় যে লাচিতৰ চৰিত্ৰ ৰূপায়ণৰ বাবে দেশৰ আগশাৰীৰ অভিনেতাৰ সৈতে যোগাযোগ যথেষ্ট আগবাঢ়িছে আৰু সহ-প্ৰযোজনাৰ বাবে দেশৰ মুখ্য ছবি নিৰ্মাতাসকলে আগ্ৰহ দেখুৱাইছে।

জাহ্নু বৰুৱাই কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ এগৰাকী পণ্ডিত তথা পূৰ্বৰ মুৰব্বী অধ্যাপক প্ৰফেছৰ জে এন ফুকনৰ তত্ত্বাৱধানত প্ৰকল্পটোৰ গৱেষণাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে, যাতে শৰাইঘাটৰ যুদ্ধৰ ঘটনা প্ৰবাহ সঠিক ৰূপত দেখুৱাব পৰা যায় আৰু আহোম সেনাপতিগৰাকীক প্ৰকৃত ৰূপত উপস্থাপন কৰিব পৰা যায়। ছবিখন নিৰ্মাণৰ কাম ২০২১ চনৰ অক্টোবৰৰ ভিতৰত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
ADVERTISEMENT
India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ
National-International

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026
50
Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ
National-International

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

June 3, 2026
50
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ
Sports News

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

June 3, 2026
50
‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল
National-International

‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

June 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026
Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

June 3, 2026
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

June 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx