ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত ক’ৰনা ভাইৰাচৰ পৰিৱেশ নিয়ন্ত্ৰনাধীন হৈ থকা প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।অহা পহিলা জানুৱাৰী পৰা মুকলি হ’ব নাৰ্ছাৰী পৰা ষষ্ঠ শ্রেণীলৈ মুকলি হ’ব পাঠদান।উল্লেখ বৰ্তমান সপ্তম শ্রেণী পৰা স্নাতক পৰ্যায়লৈকে ৰাজ্যত মুকলি কৰা হৈছে শিক্ষানুষ্ঠান সমূহ।এই কথা সোমবাৰে এক সংবাদমেল যোগে ঘোষণা কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
গুৰুত্বপূৰ্ণ কথা এই যে পহিলা জানুৱাৰী পৰা কিদৰে ক্লাছ সমূহ আৰম্ভ হ’ব সেই সন্দৰ্ভত শিক্ষা বিভাগে এছ পি অ প্ৰকাশ কৰিব।
জনতা ভৱনত সম্বোধন কৰা সংবাদমেলতে মন্ত্ৰী শৰ্মাই কয়- অহা ১৫ ডিচেম্বৰ পৰা চুড়ান্ত বৰ্ষ ছাত্ৰ-ছাত্ৰী বাবে মুকলি হ’ব কৰিব পাৰিব হোষ্টেল সেৱা।
ৰেচিডেন্সীয়েল বিদ্যালয় সমূহতো কেৱল চুড়ান্ত বৰ্ষৰ বাবে হোষ্টেল সমূহ মুকলি কৰিব পাৰিব।উল্লেখ হোষ্টেললৈ অহা ছাত্ৰ-ছাত্ৰী সকলে ক’ভিড পৰীক্ষা কৰাব লাগিব।
ইয়াৰ উপৰিও ১৫ ডিচেম্বৰ পৰা চুড়ান্ত বৰ্ষ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অনলাইন শিক্ষা বন্ধ কৰা বাবেও মন্ত্ৰী গৰাকীয়ে বিদ্যালয় সমূহক আহ্বান জনায়।
গুৰুত্বপূৰ্ণ কথা এই যে চলিত বৰ্ষ মাৰ্চ মাহৰ পৰা ক’ৰনা ভাইৰাছৰ বাবে বন্ধ হৈ আছে শিক্ষানুষ্ঠান সমূহ।